নতুন দিল্লী, ৯ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ বাবে যোৱা আঠ মাহে বন্ধ হৈ থকা ঘৰুৱা টেনিছ টুৰ্ণামেণ্ট ১৬ নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব। অখিল ভাৰতীয় ট...
নতুন দিল্লী, ৯ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ বাবে যোৱা আঠ মাহে বন্ধ হৈ থকা ঘৰুৱা টেনিছ টুৰ্ণামেণ্ট ১৬ নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব। অখিল ভাৰতীয় টেনিছ সংঘই শেহতীয়াভাৱে এই কথা ঘোষণা কৰিছে। ঘোষণা কৰা অনুসৰি ১৬ নৱেম্বৰৰ ঘৰুৱা টেনিছ টুৰ্ণামেণ্ট আৰম্ভ হ’ব।ঘোষণা অনুসৰি অনুৰ্ধ-১২, অনুৰ্ধ-১৪ আৰু অনুৰ্ধ-১৬ বয়সৰ পৰা টুৰ্ণামেণ্ট আৰম্ভ হ’ব। টুৰ্ণামেণ্ট তিনি দিনৰ ভিতৰত সমাপন হ’ব। ৰাজ্যৰ ভিতৰতে এই টুৰ্ণামেণ্ট আৰম্ভ হ’ব। লগতে এই কথাও প্ৰকাশ কৰিছে অনুমতি অবিহনে ব্যক্তিগত টুৰ্ণামেণ্ট আয়োজন কোনেও কৰিব নোৱাৰিব।
No comments