গণ বাৰ্তা, গোসাইগাঁও, ২ নৱেম্বৰ ঃ গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তুলসীবিল ...
গণ বাৰ্তা, গোসাইগাঁও, ২ নৱেম্বৰ ঃ গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল (৫২), পত্নী মল্লিকা পাল (৪৫) আৰু জীয়াৰী ক্ৰমে পূজা পাল (২৫), নেহা পাল (১৭ ), স্নেহা পালে (১৫) যোৱানিশা নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে। নিৰ্মল পালে তুলসীবিল বজাৰত ভাৰত গেছৰ ছাব-এজেণ্ট হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল। স্থানীয় একাংশই সাংবাদিকক জনোৱা মতে তেওঁ গেছ এজেঞ্চীৰ লগতে আন আন ব্যৱসায়ত আনৰ পৰা ধাৰে আনি ত্ৰিশ লক্ষাধিক টকাৰ ঋণত পোত গৈ আছিল।
একমাত্ৰ ঋণৰ চাপ সহ্য কৰিব নোৱাৰিয়ে চৰম পথ বাছি লৈছে। উল্লেখ্য যে নিৰ্মল পালৰ ডাঙৰ ছোৱালী পূজা পালে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি তুলসীবিল জাতীয় বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল আৰু দ্বিতীয় ছোৱালীজনী উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আৰু কনিষ্ঠ ছোৱালী স্নেহা পাল দশম শ্ৰেণীত পঢ়ি আছিল। বিভিন্ন দল-সংগঠনে উক্ত ঘটনাৰ নিখুঁত তদন্ত দাবী কৰিছে।
No comments