Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অ্ৰৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰঃ আত্মহত্যাৰ গোচৰত সামিয়ক সকাহ

নতুন দিল্লী, ১১ নৱেম্বৰ ঃ বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তীকালীন জামিন লাভ নকৰাৰ পিছত সেই ৰায়দানৰ প্ৰত্যাহবান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ ...

নতুন দিল্লী, ১১ নৱেম্বৰ ঃ বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তীকালীন জামিন লাভ নকৰাৰ পিছত সেই ৰায়দানৰ প্ৰত্যাহবান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপা অৰ্ণৱ গোস্বামীৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে জামিন মঞ্জুৰ কৰিছে। এজন ইেণ্টৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰ উচটনি গোচৰত গ্ৰেপ্তাৰ হোৱা সাংবাদিক অৰ্ণৱ গোস্বামীক সৰ্বোচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। ইয়াৰ পিছতেই সাংবাদিকগৰাকীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে। উল্লেখ্য যে  জিলা ন্যায়ালয়ে সাংবাদিকগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। এই ৰায়দানৰ প্ৰত্যাহবান জনাই সাংবাদিকগৰাকীৰ অধিবক্তা বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। 

বোম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ পিছতেই কালি বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰত্যাহবান জনাই তেওঁৰ অধিবক্তা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আজি সেই আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে তেওঁৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। তেওঁৰ লগতে এই গোচৰত গ্ৰেপ্তাৰ হোৱা  নীতেশ সাৰদা আৰু ফিৰোজ শ্বেখৰো জামিন মঞ্জুৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। তিনিওজনকে ন্যায়ালয়ত ৫০ হাজাৰ টকাৰ এটা বণ্ড পৰিশে¸াধ কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে ৰায়দানত এইবুলিও কৈছে যে অভিযুক্তই প্ৰমাণত হস্তক্ষেপ নকৰিব আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াব।

No comments