Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচিত সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰকঃ সংবাদমেল যোগে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীৰ আহবান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ আগন্তুক বিটিএডি নিৰ্বাচনকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাক লৈ আজি ভাৰতীয় মাৰ্ক্সবাদী কমিউনিষ্ট...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ আগন্তুক বিটিএডি নিৰ্বাচনকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাক লৈ আজি ভাৰতীয় মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ নেতৃত্বই এক সংবাদমেল অনুষ্ঠিত কৰে। হেদায়েৎপুৰস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য, জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মন, সম্পাদক মণ্ডলীৰ সদস্য ইছফাকুৰ ৰহমান, সুপ্ৰকাশ তালুকদাৰে ২৬ নৱেম্বৰৰ ৰাষ্ট্ৰজোৰা সাধাৰণ ধৰ্মঘট, বিটিচি নিৰ্বাচন, এপিডিচিএলৰ ব্যক্তিগতকৰণ আদিকে ধৰি বিভিন্ন বিষয়ত দলীয় স্থিতি স্পষ্ট কৰাৰ লগতে বিটিচি নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰাৰ বাবে আহবান জনায়। বিটিচিৰ চতুৰ্থ নিৰ্বাচন অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু এই নিৰ্বাচনত চিপিআই(এম)য়ে বিটিএডিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ শান্তি-সম্প্ৰীতি, সম-ধিকাৰ আৰু সম-বিকাশ নিশ্চিত কৰিব পৰা এখন চৰকাৰ গঠন হোৱাটো কামনা কৰে। 

সংবাদমেলত চিপিআই(এম)ৰ ৰাজ্যিক কমিটীয়ে অভিযোগ কৰে যে ১৭ বছৰ ধৰি বিটিচিত বড়ো অথবা অনাবড়ো জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ বিপিএফে পূৰ্ণ কৰিব পৰা নাই। দহ বছৰে কংগ্ৰেছৰ সৈতে আৰু পাঁচ বছৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিও প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিপিএফ। এনে পৰিস্থিতিত বিজেপি দলটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ লগতে বিটিচি দখল কৰাৰ বাবে টঙালি বান্ধিছে যদিও সাম্প্ৰদায়িক আৰু ভ্ৰষ্টাচাৰী বিজেপিৰ হাতত বিটিচিক গতাই দিলে অঞ্চলটোৰ শান্তি সম্পূৰ্ণ বিনষ্ট কৰিব বুলি উল্লেখ কৰি আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাৰ বাবে বিটিচিবাসীক আহবান জনোৱাৰ লগতে চিপিআই(এম)ৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহবান জনায়। 

উল্লেখ্য যে এইবেলি বিটিএডিৰ নিৰ্বাচনত এক নং পৰ্বতঝোৰাত ৰঞ্জয় কুমাৰ ব্ৰহ্ম, ১৯নং থুৰিবাৰীত লংকেশ্বৰ দেৱ ৰায়, ২০ নং মথনগুড়িত জুলহাস উদ্দিন, ৩০ নং গোৰেশ্বৰত কৰুণাকান্ত ভূঞা, ৩৩নং ননৈ ছেৰফাঙত সুমন লাক্ৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইপিনে আজি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে ২৬ নৱেম্বৰত ৰাষ্ট্ৰজোৰা সাধাৰণ ধৰ্মঘটক সমৰ্থন জনাই কয় যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জাতীয় স্বাৰ্থবিৰোধী, কৃষকবিৰোধী, শ্ৰমিকবিৰোধী আৰু নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থবিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰাৰ দাবীত কেন্দ্ৰীয় Îট্ৰড ইউনিয়ন আৰু শিল্পভিত্তিক কৰ্মচাৰী সংগঠনসমূহে অহা ২৬ নৱেম্বৰত জনোৱা সাধাৰণ ধৰ্মঘটক বাঁওপন্থী দলটোৰ ৰাজ্যিক কমিটীয়ে সমৰ্থন জনাইছে আৰু উক্ত দিনা অসমৰ সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, মটৰ পৰিবহণ, দোকান-পোহাৰ, শিক্ষানুষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো কল-কাৰখানা বন্ধ ৰাখি চৰকাৰৰ নীতিত প্ৰতিবাদ জনাবলৈ আহবান জনাইছে। 

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে অভিযোগ কৰে যে কেন্দ্ৰৰ বিজেপি চৰকাৰে কোৰোনা মহামাৰীৰ সুযোগ লৈ দেশৰ ৰাজহুৱা খণ্ড বিক্ৰী কৰি আছে। দেশৰ অতি গুৰুত্বপূৰ্ণ আৰু অৰ্থনীতিৰ ধৰণীস্বৰূপ কয়লা, তেল, বেংক, বীমা আদি উদ্যোগক মোদী চৰকাৰে বৃহৎ পুঁজিপতি আৰু কৰ্পোৰেট গোষ্ঠীক অৰ্পণ কৰিছে। পেট্ৰ’ল-ডিজেলিৰ আবকাৰী শুল্ক বাৰে বাৰে বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰামটাঙোন শোধাইছে। আনহাতে এপিডিচিএলৰ ব্যক্তিগতকৰণ কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰি আজি অহা ৩ ডিচেম্বৰত ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ বিক্ষোভ গঢ়ি তোলা হ’ব বুলি সংবাদমেল যোগে জানিবলৈ দিছে।

 আজি চিপিএমৰ ৰাজ্যিক কমিটীয়ে দেশৰ সংবিধান অনুযায়ী বিদ্যুৎ খণ্ড উমৈহতীয়া বিষয় যদিও কেন্দ্ৰীয় চৰকাৰে আইন সংশোধন কৰি ৰাজ্যৰ ক্ষমতা কাঢ়ি নিব বিচাৰিছে আৰু বিদ্যুৎ বিতৰণ প্ৰতিষ্ঠানক ব্যক্তিগত পুঁজিপতিৰ হাতত গতাই দিয়াৰ পাং পাতিছে। ইয়াৰ ফলত বিদ্যুতৰ মাচুল নিৰ্ধাৰণ তথা কৃষক, ক্ষুদ্ৰ উদ্যোগ, গৰিব লোকক ৰাজসাহায্য দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিকাৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, চমুকৈ এপিডিচিএলক ব্যক্তিগতকৰণৰ বাবে চৰকাৰে আৰম্ভ কৰা প্ৰক্ৰিয়া শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে এপিডিচিএলৰ ব্যক্তিগতকৰণ তৎকালে বন্ধ কৰাৰ দাবীত অহা ৩ ডিচেম্বৰত গুৱাহাটীস্থিত বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।

No comments