গণ বাৰ্তা, ৰঙাপৰা, ২ নৱেম্বৰ ঃ সমষ্টিটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত নতুনকৈ সংযোজন হ’ল বিজ্ঞান শাখা আৰু তাৰ পৰিপ্ৰেক্ষি...
গণ বাৰ্তা, ৰঙাপৰা, ২ নৱেম্বৰ ঃ সমষ্টিটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত নতুনকৈ সংযোজন হ’ল বিজ্ঞান শাখা আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰঙাপৰা মহাবিদ্যালয়খনে লাভ কৰিলে পূৰ্ণাংগ মহাবিদ্যালয়ৰ ৰূপ। ৰঙাপৰা অঞ্চলৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰঙাপৰা মহাবিদ্যালয়ত আজি বিজ্ঞান শাখাৰ মুকলি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে ১৫ গৰাকী বিজ্ঞান শাখাৰ সহকাৰী অধ্যাপকৰ নিযুক্তি-পত্ৰ প্ৰদান কৰে। পুৱা ১০ বজাত ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰাৰ লগে লগে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই মূল দ্বাৰৰ পৰা গায়ন-বায়ন, বিহু, বাগৰুম্বা, চাহ জনগোষ্ঠীয় নৃত্য-গীতৰ মাজেৰে আৰু ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে হাতচাপৰিৰে আদৰি লৈ যায়। তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিজ্ঞান ভৱনটিৰ শুভ উদ্বোধন কৰে।
ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ দাস, সম্পাদক হিমাংশু মড়ল, অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, পাৱাৰ গ্ৰীডৰ পৰিচালক বিমান বৰা, জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰ উপস্থিত আছিল। বড়ো মাধ্যমৰ অধ্যাপক প্ৰশান্ত বড়োৱে আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে ড০ ৰঞ্জন কলিতাই। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে কয় যে ৰঙাপৰা অঞ্চলটোত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত ৰঙাপৰা মহাবিদ্যালয়খনে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ৰঙাপৰা মহাবিদ্যালয়খনে মানৱ সম্পদ গঢ়ি আহিছে। ৰঙাপৰা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি পৰ্যাপ্তভাৱে উন্নত নাছিল। ৰঙাপৰাৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰি শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিছে।
স্বাস্থ্য, বিত্ত, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভাত ভাষণ প্ৰসংগত কয় যে ৰঙাপৰা মহাবিদ্যালয়খনৰ বাবে আজিৰ দিনটো অতি আনন্দৰ দিন। এই বছৰত ৰাজ্যখনৰ ১৬খন নতুন মহাবিদ্যালয় আৰু ১৬খন পুৰণি মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হ’ল। শিক্ষাই এটা পৰিয়ালৰ জীৱন সলনি কৰে। ক’ভিডৰ নিয়ম নামানিলে ইউৰোপ-আমেৰিকাৰ দৰে আমি আকৌ এটা অনাকাংক্ষিত পৰিৱেশলৈ ঘূৰি যাবলৈ প্ৰস্তুত থাকিব লাগিব বুলি শৰ্মাই উল্লেখ কৰে । উল্লেখ্য যে ৰঙাপৰা মহাবিদ্যালয়ত অসমীয়া, ইংৰাজী, বড়ো, বাংলা ভাষাৰ মাধ্যমেৰে কলা আৰু বাণিজ্য বিভাগৰ পাঠ্যক্ৰম চলি আছিল।
ইফালে আজি ৰঙাপৰা মহাবিদ্যালয়ত পদাৰ্থবিজ্ঞানত ৩গৰাকী, ৰসায়নবিজ্ঞানত ৩গৰাকী, প্ৰাণীবিজ্ঞানত ৩গৰাকী, উদ্ভিদবিজ্ঞানত ৩গৰাকী, অংকশাস্ত্ৰত ৩গৰাকীসহ সহায়ক এজন আৰু বি আৰ আৰ চাৰিগৰাকীক নিযুক্তি-পত্ৰ প্ৰদান কৰে। অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া এই বিজ্ঞান শাখাৰ অভাৱ পূৰণে সকলোৰে মাজত হাঁহি বিৰিঙাই তুলিছে । অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ পল্লৱলোচন দাসক ফুলাম গামোচা, জাপি আদিৰে মৰম তথা অভিনন্দন জ্ঞাপন কৰে।
No comments