Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা : ২৪ ঘণ্টাৰ বাবে বহিঃৰাজ্যত গ’লে নালাগে ক’ভিড টেষ্ট

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ :  অসমত মাৰাত্মক ক’ভিড-১৯ৰ সংক্ৰমণ অব্যাহত আছে যদিও ৰাজ্য চৰকাৰে শনিবাৰে কিছু নতুন নীতি-নিয়ম ঘোষণা কৰি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ :  অসমত মাৰাত্মক ক’ভিড-১৯ৰ সংক্ৰমণ অব্যাহত আছে যদিও ৰাজ্য চৰকাৰে শনিবাৰে কিছু নতুন নীতি-নিয়ম ঘোষণা কৰি ক’ভিড টেষ্টৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰে। সেই অনুসৰি এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা কোনো লোক অসমলৈ আহিলে তেওঁলোকে যদি বিগত ৭২ ঘণ্টাৰ ভিতৰত আৰটিপিচিআৰ টেষ্ট কৰি আহে, তেন্তে তেওঁলোকে অসমলৈ আহি পুনৰ নতুনকৈ ক’ভিড টেষ্ট কৰিব নালাগে। ৰাজ্য চৰকাৰৰ এই নতুন ক’ভিড নীতিৰ কথা শনিবাৰে ঘোষণা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি অসমৰ বাবে দিল্লী অথবা কলকাতাসহ বহিঃৰাজ্যৰ পৰা যদি ২৪ ঘণ্টাত উভতি আহে তেওঁলোকেও এতিয়া বিমানবন্দৰ অথবা ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট কৰিব নালাগে।

 ইয়াৰ উপৰি ভাৰত চৰকাৰৰ কোনো তদন্তকাৰী বিষয়া, মাল্টিনেচনেল এজেন্সীৰ কৰ্মকৰ্তা যদি অসম ভ্ৰমণ কৰিব লগা হয়, তেন্তে এই সময়ত তেওঁলোকে ক’ভিড টেষ্ট নকৰাকৈয়ে বিভাগীয় কাম-কাজ কৰি উভতি যাব পাৰিব। ইফালে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- দুৰ্গাপূজা অসমৰ মানুহে অতি যোগাত্মকভাৱে পালন কৰিলে। চৰকাৰৰ নীতি-নিয়ম মানি অতি ভক্তি ভাবেৰে দুৰ্গা পূজা কৰিলে। এই পূজাৰ পিছত অসমৰ পৰিৱেশ কেনে হ’ব তাৰ ওপৰত আমাৰ সন্দেহ আছিল, কিন্তু আজিৰ দিনটোলৈ অসমত পজিটিভ লোকৰ হাৰ ২ শতাংশৰ তলত আছে। 

অৰ্থাৎ অসমৰ ক’ভিড সংক্ৰমণৰ পৰিৱেশ ক্ৰমান্বয়ে ফৰকাল হৈ আহিছে। অৱশ্যে মৃতকৰ সংখ্যা এতিয়াও আশাব্যঞ্জক হোৱা নাই। লক্ষণ দেখাৰ পিছতো ঘৰত বহুদিন থকা  বাবে অথবা অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ অহাৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই। ৰাইজ বহুক্ষেত্ৰত সজাগ-সচেতন হ’লে আমি অতি সোনকালে এই পৰিৱেশৰ পৰা মুকলি হ’ব পাৰিম।

No comments