Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিশু দিৱসত শিশুমহীয়ান উপাধি প্ৰদান

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ নৱেম্বৰ : সদৌ অসম মইনা পৰিজাতে ঘোষণা কৰা শিশু মহীয়ান সন্মান আজি যোৰহাট জিলা মইনা পৰিজাতে শিশু সেৱক নৰেন চন্দ্ৰ বৰ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ নৱেম্বৰ : সদৌ অসম মইনা পৰিজাতে ঘোষণা কৰা শিশু মহীয়ান সন্মান আজি যোৰহাট জিলা মইনা পৰিজাতে শিশু সেৱক নৰেন চন্দ্ৰ বৰা আৰু উমেশ  চন্দ্ৰ বৰদলৈক প্ৰদান কৰে। নৱজাত মইনা পাৰিজাতৰ সহযোগত ৰজাহাউলিত শিশু দিৱস উপলক্ষে জিলা মইনা পাৰিজাতৰ সভাপতি জয়ন্ত পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত শিশুৰ বাবে আগ বঢ়োৱা সেৱাৰ বাবে সদৌ অসম মইনা পাৰিজাতে নগেন বৰগোঁহাই,নবীন গোঁহাই, সোণমাই দত্ত বৰাক সম্বৰ্ধনা জনায়।জিলা মইনা পাৰিজাতৰ সম্পাদক নিপু হাজৰিকাই আঁত ধৰা সভাত মইনা পাৰিজাতৰ বিষয়ববীয়া ড° প্ৰমোদ চন্দ্ৰ নেওঁগ, দেবেন চন্দ্ৰ বৰা,ঘন লাহন ,লোকেন গগৈ, ইন্দ্ৰজিত দত্ত,অনন্ত দাস প্ৰমুখ্য বিভিন্নজনে অংশ গ্ৰহণ কৰে।কাৰ্যলয় সম্পাদিকা আল্পনা বৰাই উদ্দেশ্য ব্যখ্যা কৰা সভাত সম্বৰ্ধিত ব্যক্তিসকলে বক্তৃতা প্ৰদান কৰে।সভাৰ আৰম্ভণিতে জৱহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

No comments