Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আমাক মিঞাঁ মিউজিয়ামও নালাগে, বেংগলী মিউজিয়ামও নালাগে, লাগে মাথোঁ ভোকৰ ভাত মুঠি ঃ প্ৰাক্তন সাংসদ আৰ,পি শৰ্মা

গণ বাৰ্তা, জামুগুৰিহাট, ৯ নৱেম্বৰ ঃ অসমত মিঞা মিউজিয়ামো নালাগে বেংগলী মিউজিয়ামো নালাগে । মিউজিয়ামে এটা জাতিৰ অস্তিত্ব জীয়াই ৰাখিব নোৱাৰে। নি...

গণ বাৰ্তা, জামুগুৰিহাট, ৯ নৱেম্বৰ ঃ অসমত মিঞা মিউজিয়ামো নালাগে বেংগলী মিউজিয়ামো নালাগে । মিউজিয়ামে এটা জাতিৰ অস্তিত্ব জীয়াই ৰাখিব নোৱাৰে। নিজৰ অস্তিত্ব নিজেই জীয়াই ৰাখিব লাগিব। কাৰণ আমবাৰীত থকা অসম চৰকাৰৰ বৃহৎ মিউজিয়াম চাবলৈও আজিকালি কোনো দৰ্শকেই নাযায়। —এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ। জামুগুৰিহাটৰ বৰমতাত অনুষ্ঠিত গোৰ্খা সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিবলৈ  আহি আজি  সাংবাদিকৰ আগত এইদৰে কয় প্ৰাক্তন সাংসদগৰাকীয়ে। 

প্ৰাক্তন সাংসদগৰাকীয়ে আগন্তুক সময়ত অসমত বসবাস কৰা গোৰ্খাসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সজোৰে মাত মাতি যাব বুলি উল্লেখ কৰি সাংসদ হৈ থকাৰ সময়তে অসমৰ বড়ো, দেউৰী, চুতীয়া, কোচ ৰাজবংশীকে ধৰি জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে সংসদৰ মজিয়াত এশ-দুবাৰ অভিলেখসংখ্যক প্ৰশ্ন কৰিছিল বুলিও উল্লেখ কৰে। বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন সাংসদগৰাকীয়ে মিঞা মিউজিয়ামৰ দৰে অনৰ্থক কথাত শাসকীয় দলৰ মন্ত্ৰীসকল ব্যস্ত থকাৰ সলনি সাধাৰণ জনতাৰ পেটৰ ভাতমুঠিৰ কথা চিন্তা কৰাহে প্ৰয়োজন বুলিও মন্তব্য কৰে। উল্লেখ্য যে জামুগুৰিহাটৰ বৰমতা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গোৰ্খা সন্মিলনৰ সভাত গোৰ্খা সন্মিলনৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিশদ আলোচনা হয়।

No comments