Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমত গোৰ্খা সমাজক বাদ দি অসমীয়া জাতি সম্পূৰ্ণ হ’ব নোৱাৰে- বিধায়ক পদ্ম

                                               গণ বাৰ্তা, জামুগুৰিহাট, ১৪ নৱেম্বৰ ঃ ‘অসমত যুগ যুগ ধৰি বসবাস কৰি অহা গোৰ্খা জনগোষ্ঠীক বাদ দি ...

                                     

গণ বাৰ্তা, জামুগুৰিহাট, ১৪ নৱেম্বৰ ঃ ‘অসমত যুগ যুগ ধৰি বসবাস কৰি অহা গোৰ্খা জনগোষ্ঠীক বাদ দি অসমীয়া জাতিয়ে কেতিয়াও পূৰ্ণতা পাব নোৱাৰে। গোৰ্খা জাতি বৃহৎ অসমীয়া জাতিসত্তাৰ অভিন্ন অংগ।’ —এই মন্তব্য চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। চতিয়াৰ দক্ষিণ নাগশংকৰ গোৰ্খা সমাজৰ বিশেষ সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অখণ্ড ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত গোৰ্খাসকলে আগবঢ়োৱা অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলন, অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি, শিক্ষা, প্ৰশাসন আদিৰ ক্ষেত্ৰত গোৰ্খা জনসাধাৰণে আগবঢ়োৱা অৱদানৰ বিষয়ে নিজৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বিধায়কগৰাকীয়ে। 

উল্লেখ্য যে আজি দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত আয়োজিত বিশেষ সম্বৰ্ধনা সভাত অলপতে গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ লোৱা বিশ্বনাথ জিলা তথা চতিয়া বিধানসভা সমষ্টিৰ একমাত্ৰ সদস্য মতি কুমাৰ নেৱাৰক দক্ষিণ নাগশংকৰ অঞ্চলৰ ৩০টাতকৈও অধিক বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে সামূহিক সম্বৰ্ধনা জনায়। স্থানীয় অৱসৰী শিক্ষক ভৱানী শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ নাগশংকৰ গোৰ্খা সমাজৰ সম্পাদক ঋষিৰাজ শৰ্মাই। সভাত আদৰণী ভাষণ প্ৰদান কৰে গোৰ্খা সমাজৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই। ইয়াৰ পিছতেই নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য মতি কুমাৰ নেৱাৰে অনাগত দিনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰত গোৰ্খা জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নতিৰ বাবে নিষ্ঠাৰে কাম কৰি যাব বুলি সভাত অৱগত কৰে। স্থানীয় সাংবাদিক অঞ্জন বাচকোটাই আঁত ধৰা সভাখনত সমজুৱাৰ হৈ বক্তব্য আগবঢ়ায় নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাই।

No comments