Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সমদলঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিতেন্দ্ৰ সিং, ৰিপুন বৰা ,ৰকিবুল হুছেইন, ৰেকিবুদ্দিন সহ একাধিক কংগ্ৰেছ নেতাক

  ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৭ নৱেম্বৰ ঃ কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতাৰে আজি দৰঙৰ মঙলদৈত কংগ্ৰেছ দলে উলিয়ায় এক বিশাল প্ৰতিবাদী সমদল । এই সমদল আৰম...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৭ নৱেম্বৰ ঃ কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতাৰে আজি দৰঙৰ মঙলদৈত কংগ্ৰেছ দলে উলিয়ায় এক বিশাল প্ৰতিবাদী সমদল । এই সমদল আৰম্ভ হোৱাৰ পূৰ্বে মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন বিশাল প্ৰতিবাদী সভা। দৰং জিলা কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক ড০ দুৰ্লভ চমুৱাই আঁত ধৰা সভাত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বক্তব্যৰ আৰম্ভণিতে দৰং জিলাক বীৰভূমি বুলি অভিহিত কৰি দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণ বিসৰ্জন দিয়া বীৰ কৃষকসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ অসমৰ মহিলা, যুৱক-যুৱতী, কৃষকসকলক একত্ৰিত হৈ কংগ্ৰেছৰ হৈ কাম কৰি অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰি অসমক ৰক্ষা কৰিবলৈ আহ্বান জনায়। অসমৰ বিকাশ কেৱল কংগ্ৰেছেহে কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । 

সভাত উত্তাল ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই কৃষকৰ অধিকাৰ কাঢ়ি নিয়া বিজেপি চৰকাৰক সকীয়নি দি কয় যে বিজেপি চৰকাৰে যিমানেই একনায়কত্ববাদ নচলাওক কিয় কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে । বিজেপিক সাম্প্ৰদায়িক, দৰিদ্ৰবিৰোধী, যুৱ-মহিলাবিৰোধী, নিবনুৱাবিৰোধী বুলি অভিহিত কৰি দেশ ৰক্ষাৰ স্বাৰ্থত বিজেপিক উৎখাত কৰি কংগ্ৰেছৰ পতাকাৰ তলত একত্ৰিত হ’বলৈ ৰাইজক আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে মহাপুৰুষ শংকৰদেৱৰ অসমত আমি কেতিয়াও নাগপুৰীয়া সংস্কৃতি গ্ৰহণ নকৰো বুলি উল্লেখ কৰি কয় যে ৰাইজৰ আজি হাহাকাৰ অৱস্থা, কংগ্ৰেছৰ দিনত ৰাইজৰ মুখত থকা হাঁহি বিজেপিয়ে কাঢ়ি নিলে। মূল্যবৃদ্ধিৰে পুঁজিপতিক ধনী কৰা এই চৰকাৰে তিনিখন কৃষকবিৰোধী আইনেৰে কৃষকক কেনেধৰণে সহায় কৰিলে সেই কৃষকৰ তালিকা প্ৰকাশ কৰিবলৈ তেওঁ প্ৰত্যাহ্বান জনায় । 

সভাত বিধায়ক ৰকিবুল হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ কৃষি আইনৰ তীব্ৰ সমালোচনা কৰি বিজেপিক উৎখাত কৰি কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ বাবে ৰাইজক কংগ্ৰেছৰ পতাকাৰ তলত একত্ৰিত হ’বলৈ আহ্বান জনায় । এই বিশাল সভাত কংগ্ৰেছ নেত্ৰী  ৰাণী নৰহ, কংগ্ৰেছ নেতা ৰাণা গোস্বামী, বিধায়িকা নন্দিতা দাস, বিধায়ক নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ, ইলিয়াছ আলী, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে । এই সভাৰ সামৰণি পৰাৰ লগে লগেই মঙলদৈ ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল সমদল উলিয়ায় ।

 নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই Îট্ৰক্টৰ চলাই শুভাৰম্ভ কৰা বিশাল সমদলটো কিছুদূৰ আগবঢ়াৰ পিছতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সমদলটোৱে আৰক্ষীৰ বেৰিকেডৰ  সন্মুখীন হয় । সমদলটোৱে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ উপক্ৰম হওঁতেই আৰক্ষীয়ে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, সাংসদ ৰিপুন বৰা, গৌৰৱ গগৈ,  বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস,  প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাক আটক কৰি গাড়ীত উঠাই নিয়ে। গাড়ীৰ ভিতৰৰ পৰাই কংগ্ৰেছৰ মন্ত্ৰী-বিধায়কসকলে বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্ল’­গান দি মঙলদৈ নগৰ উত্তাল কৰি তোলে। 

No comments