গন বাৰ্তা, মাৰ্ঘেৰিটা, ২২ নৱেম্বৰঃ উজনি অসমৰ তিনিচুকীয়া জিলাৰ লগতে অসমৰ সীমান্তবৰ্তী অৰুনাচল প্ৰদেশৰ কেতবোৰ অঞ্চলত আলফা, এন এছ চি এনৰ বিৰ...
গন বাৰ্তা, মাৰ্ঘেৰিটা, ২২ নৱেম্বৰঃ উজনি অসমৰ তিনিচুকীয়া জিলাৰ লগতে অসমৰ সীমান্তবৰ্তী অৰুনাচল প্ৰদেশৰ কেতবোৰ অঞ্চলত আলফা, এন এছ চি এনৰ বিৰুদ্ধে তীব্ৰত্বৰ হৈছে ভাৰতীয় সেনাৰ অভিযান৷ দুদিন পূৰ্বে ভাৰতীয় সেনাৰ এটা দলে তিনিচুকীয়া জিলাৰ পেঙেৰীত অভিযান চলাই আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ আটক কৰাৰ পিছতেই এইবাৰ অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাত সেনাৰ জালত পৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এজন দুধৰ্ষ কেডাৰ৷ জানিব পৰা মতে, অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালী বজাৰত শনিবাৰে নিশা দেওমালী আৰক্ষীৰ সহযোগত ভাৰতীয় সেনা বাহিনীয়ে অভিযান চলাই এন এছ চি এনৰ শীৰ্ষ নেতা তথা দুধৰ্ষ কেডাৰ পৌংচা ৱাংপানক কৰায়ত্ব কৰে৷ বিদ্ৰোহী গোটৰ নেতাজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ব্যৱসায়ীসকলক ধন দাবী কৰি আৰক্ষীৰ নিদ্ৰা হৰন কৰি আহিছিল৷ বজাৰৰ একাংশ ব্যৱসায়ীক দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ আহি শনিবাৰে বিদ্ৰোহী গোটৰ নেতাজন সেনাৰ জালত পৰে বুলি সেনাৰ সূত্ৰে দাবী কৰিছে৷ ধৃত ব্যক্তিজনৰ পৰা সেনাই নগদ ৫৮ হেজাৰ দুশ টকা সহ এটা মবাইল ফোন আৰু দুখন পৰিচয় পত্ৰ জব্দ কৰিছে৷ ধৃত চাৰ্জেণ্ট পৌংচা ৱাংপানৰ ভাতৃও এন এছ চি এনৰ কেডাৰ বুলি সেনা বাহিনীয়ে জানিবলৈ দিছে৷ ধৃত বিদ্ৰোহী নেতাজনক সেনাবাহিনীয়ে আজি দেওমালী আৰক্ষীৰ হাতত গতাই দিয়ে৷ ( সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা৷ )
No comments