Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈত অচিৰেই স্থাপন হ’ব প্ৰথমখন দক্ষŽতা বিশ্ববিদ্যালয় ঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৪ নৱেম্বৰ ঃ দৰং জিলাৰ মঙলদৈ নগৰত অচিৰেই স্থাপন হ’ব এখন দক্ষতা বিশ্ববিদ্যালয়। বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ...

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৪ নৱেম্বৰ ঃ দৰং জিলাৰ মঙলদৈ নগৰত অচিৰেই স্থাপন হ’ব এখন দক্ষতা বিশ্ববিদ্যালয়। বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে মঙলদৈত স্থাপন হ’বলগীয়া এই দক্ষতা বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। মঙলদৈৰ গেৰিমাৰীত অসম চৰকাৰৰ উদ্যোগত ৯০০ কোটি টকা ব্যয় কৰি স্থাপন কৰিবলগীয়া এই দক্ষতা বিশ্ববিদ্যালয়খনে সমগ্ৰ ভাৰতবৰ্ষৰ শৈক্ষিক মানচিত্ৰত এক সোণালী অধ্যায়ৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি সদৰী কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

এই বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ যাৱতীয় কাম-কাজ দৰং জিলাৰ উপায়ুক্তই সমাপন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰী পাটোৱাৰীৰ এই স্থান পৰিদৰ্শনৰ  ময়ত সংগ দিয়ে আনন্দ প্ৰকাশ তিৱাৰী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকলে  কেইবাটাও দেশী-বিদেশী কোম্পানীয়ে ইতিমধ্যে এইক্ষেত্ৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি থকাৰ কথাও সদৰী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইপিনে মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপন হোৱাৰ বাতৰিয়ে দৰংবাসীলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা। অনুষ্ঠানটিয়ে পূৰ্ণাংগ ৰূপ পালে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যখনতে এটা নতুন যুগৰ সূচনা হ’ব বুলি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠন আদিয়ে।

No comments