Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিছৈ ভেলীৰ নগা আৰক্ষীৰ শিবিৰ উঠাই নিয়া নাই ঃ উক্ত শিবিৰ উচ্ছেদ কৰিবলৈ অসম সক্ষম হ’বনে ·

গণ বাৰ্তা, মৰিয়নি, ১৩ নৱেম্বৰ ঃ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা নগা আৰক্ষীৰ শিবিৰক লৈ সৃষ্টি হোৱা ...

গণ বাৰ্তা, মৰিয়নি, ১৩ নৱেম্বৰ ঃ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা নগা আৰক্ষীৰ শিবিৰক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া বৰ্তমানো অব্যাহত আছে। অসম আৰক্ষী আৰু প্ৰশাসনৰ বাৰম্বাৰ সকীয়নিৰ পিছতো নাগালেণ্ডে এই অবৈধ আৰক্ষীৰ শিবিৰ উঠাই নিয়া নাই । এই কাৰ্যই প্ৰমাণ কৰিছে নাগালেণ্ডৰ প্ৰকৃত মনোভাব। অসমৰ বনভূমি অবৈধভাৱে দখল কৰি তাত নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰাৰ পিছতো সেয়া নিজৰ বুলি দাবী কৰে নাগালেণ্ড চৰকাৰে। কিন্তু অসমৰ মতে সেয়া বিবদমান এলেকা। উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে উক্ত স্থান বৰ্তমানো বিবদমান অঞ্চল হৈ আছে আৰু নিয়ম অনুযায়ী সেই এলেকাত অসম বা নাগালেণ্ড কোনেও একোৰে কোনো নিৰ্মাণকাৰ্য কৰিব নোৱাৰে।

 কিন্তু নাগালেণ্ডে প্ৰতিবাৰেই সেই নিয়ম ভংগ কৰি বিবদমান এলেকাতেই একাধিক নগা বস্তি নিৰ্মাণ কৰিছে। এইবাৰো তেনে উদ্দেশ্যৰেই নগাই অসমৰ মাটিত নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰিছে। অৱশ্যে বন বিভাগ ইয়াৰ পিছতেই কিছু তৎপৰ হৈ পৰিছিল। অসমৰ প্ৰশাসন, বন বিভাগ আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নগাই শিবিৰ স্থাপন কৰিবলৈ মজুত কৰি ৰখা গৃহ নিৰ্মাণৰ বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছদিনাই নগাই একেটা স্থানতে দুটাকৈ ঘৰ নিৰ্মাণ কৰি শিবিৰ স্থাপন কৰে। তাৰ পিছতেই উত্তেজনা বৃদ্ধি পায় দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত। যোৰহাট আৰু মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত একাধিকবাৰ আলোচনা হৈছে যদিও বৰ্তমানলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। 

অসম আৰক্ষীয়ে নগা শিবিৰৰ সমীপতে দুটাকৈ অস্থায়ী কেম্প নিৰ্মাণ কৰি নগা আৰক্ষীৰ শিবিৰটো উঠাই নিবলৈ নাগালেণ্ডৰ প্ৰশাসনৰ বিষয়াসকলক কয় যদিও তেওঁলোকে প্ৰতিবাৰেই ঊধৰ্বতন কৰ্তৃপক্ষৰ লগত আলোচনাৰ দোহাই দি 

পিছুৱাই আছে। অথচ যোৰহাট জিলাৰ আৰক্ষী আৰু প্ৰশাসনে নাগালেণ্ডক স্পষ্টকৈ জনাই দিছে যে নাগালেণ্ডৰ শিবিৰটো উঠাই নিনিয়ালৈকে অসম আৰক্ষীৰ শিবিৰটো উঠাই নিয়া নহ’ব। আজি যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা তিতাবৰ মহকুমাৰ মহকুমাধিপতি খনীন্দ্ৰ দাস, সীমান্ত দণ্ডাধীশ তথা মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া ডাঃ বিশ্বজিত বৰা, তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নিতুমণি দাস, মৰিয়নি আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাজেন বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা, নিউ সোণোৱালৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰা আদি বহুসংখ্যক বিষয়া  উপস্থিত থাকে।

 ইফালে লুংথুস্থিত অসম ৰাইফলছৰ মেজৰ ঘটনাস্থলীত উপস্থিত হৈ আজি সমগ্ৰ পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়। আনহাতে তাত মোতায়েন কৰা নগা আৰক্ষী বেটেলিয়নৰ বাবে আজি দুখনকৈ অস্থায়ী চালি নিৰ্মাণ কৰা হয়। অৱশ্যে সেয়া নগা আৰক্ষী বেটেলিয়নৰ জোৱান সোমাই থাকিবৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা বুলিহে নাগালেণ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। ইতিমধ্যে অসম আৰক্ষীৰ শতাধিক জোৱান তাত মোতায়েন কৰা হৈছে। কিন্তু প্ৰশ্ন হয় - এইদৰে কিমান দিনলৈ চলিব · অসমৰ মাটিত নগাই অবৈধভাৱে স্থাপন কৰা এই নগা আৰক্ষীৰ শিবিৰ উচ্ছেদ কৰিবলৈ অসম সক্ষম হ’বনে · সম্প্ৰতি ই লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। লক্ষণীয় যে অসমৰ বন বিভাগ, প্ৰশাসন আৰু আৰক্ষীৰ হেঁচাত প্ৰথমে এই শিবিৰটো উঠাই নিয়া হ’ব বুলি কৈ নাগালেণ্ডে এদিনৰ সময় বিচাৰিছিল। আৰু অসমৰ তৰফৰ পৰাও এদিনৰ সময় দি শিবিৰটো উঠাই নিবলৈ সকীয়নি দিছিল। কিন্তু ইয়াৰ পিছতেই নাগালেণ্ডে নিজৰ স্থিতি সলনি কৰি নগা আৰক্ষীৰ শিবিৰটো উঠাই নিয়াৰ পৰিৱৰ্তে অধিক মজবুতহে কৰি লয়। ইয়াৰ মাজতে অসমৰ সীমান্ত দণ্ডাধীশৰ নিৰ্দেশমৰ্মে নগা আৰক্ষী শিবিৰটোত সংযোগ কৰা বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল। সম্প্ৰতি নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনা বৰ্তমানো অব্যাহত আছে।

No comments