Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাক এক ইঞ্চিও মাটি এৰি নিদিওঁ : আছু

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৫ নৱেম্বৰ :   অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগাজাংকা এলেকাত শেহতীয়াকৈ নগাই সম্পূৰ্ণ দুখনকৈ বিঅ'পি স্থাপন কৰাৰ পাছ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৫ নৱেম্বৰ :  অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগাজাংকা এলেকাত শেহতীয়াকৈ নগাই সম্পূৰ্ণ দুখনকৈ বিঅ'পি স্থাপন কৰাৰ পাছত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি বৃহৎ সজাঁতি দলে উক্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক  দ্বীপ দত্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে পদব্ৰজে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি দিনে-নিশাই সুৰক্ষাত থকা অসম আৰক্ষীৰ জোৱানসকলৰ খা-খবৰ লৈ মনোবল বৃদ্ধি আৰু সাহস-উৎসাহ যোগোৱাৰ লগতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ কথাও সদৰী কৰে ৷ বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়,যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত দিছৈ,দিছৈ ভেলী আৰু তিৰু হিলছ নামেৰে তিনিখন সংৰক্ষিত বনাঞ্চল আছে ৷ ইয়াৰে দিছৈ ভেলী বনাঞ্চলখনত বন বিভাগৰ তথ্য অনুসৰি সীমান্তৰ পৰা প্ৰায় ২২ কি:মি: আগুৱাই আহি নগাই বনাঞ্চলখনৰ ১৬,০০০ হেক্টৰ মাটিকালিৰ ১৩,০০০ হেক্টৰ মাটিকালিয়েই  অৰ্থাৎ ৮২ শতাংশ ইতিমধ্যে দখল কৰিছে ৷ ইয়াৰোপৰি ক'ৰো'নাসৃষ্ট লকডাউনৰ সুযোগ  লৈ আৰ চি চি দলং,বৈদ্যুতিকৰণ,ইটোৰ পিচত সিটো বিঅ'পি পৰ্য্যন্ত স্থাপন কৰিছে ৷ প্ৰাণৰ দোমোজাত থকা সীমান্তবাসী ৰাইজক উদ্দেশ্যি শূণ্যত গুলী ফুটাই নগাই অত্যাধিক উত্তেজনাৰ বৃদ্ধিৰে সীমান্তবাসী ৰাইজক শংকিত কৰি তুলিছে ৷ বৰদলৈয়ে কয়,এনে এটা স্পৰ্শকাতৰ সমস্যাৰ এই জটিল সময়তো কিন্তু দিছপুৰৰ ৰজাঘৰীয়াসকলে নগাৰ ৰঙাচকুক সমীহ কৰি নিমাতী কইনাৰ ভাও জুৰি আছে,অথচ একেসময়তে যোৰহাট জিলাৰ মাননীয় আৰক্ষী অধীক্ষক গৰাকীৰ ঐকান্তিক তৎপৰতাত তিতাবৰৰ মহকুমাধিপতি আৰু সীমান্ত দণ্ডাধীশ গৰাকীৰ আন্তৰিক সহযোগত অসম আৰক্ষীৰ জোৱানে দিনে-নিশাই যুদ্ধকালীন গতিত শিবিৰ স্থাপন কৰি আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে সাজু হৈছে ৷ আৰক্ষী অধীক্ষকক গৰাকীৰ উদ্যোগক প্ৰশংসা কৰি সমান্তৰালভাবে ৰাজ্য চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশেৰে ছাত্ৰ নেতা বৰদলৈয়ে কয়,অসম আৰক্ষীৰ শিবিৰত চাউল-দালিকে ধৰি খোৱাপানী পৰ্য্যন্ত অভাৱ আমি স্ব-চক্ষুৰে দেখি আহিছোঁ,পাৰ্য্যমানে নিজৰ প্ৰাণ বন্ধকত দি তেওঁলোকে এখন তিৰপালৰ তলত শিবিৰ পাতিছে অথচ চৰকাৰ খনৰ গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী,সীমান্ত উন্নয়ন মন্ত্ৰীৰ এষাৰো মাত নাই,প্ৰয়োজনীয় সামগ্ৰীৰ যোগানো ধৰা নাই,এইয়া দায়িত্বজ্ঞানহীনতাৰ চূড়ান্ত প্ৰতিফলন,অপদাৰ্থ চৰকাৰখন গৰিহণাৰ পাত্ৰ ৷ একেটা বিবৃতিতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপ দত্তই কয়,প্ৰাকৃতিক সম্পদত ঐশ্বৰ্য্যশালী আৰু প্ৰচুৰ সম্ভাৱনা থকা বাবেই দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ ওপৰত নগাৰ শেনচকু পৰিছে,কিন্তু আমাৰ স্পষ্টমত,এক ইঞ্চি অসমৰ ভূমিও কাকো এৰি দিয়া নহ'ব,অসমৰ ভূমিত কেৱল অসমীয়াৰহে আধিপত্য আৰু প্ৰভুত্ব থাকিব লাগিব ৷ দত্তই লগতে কয়,অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান কৰি সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ছাত্ৰ সন্থাই যুগ যুগ ধৰি দাবী জনাই আহিছে,কিন্তু বহু চৰকাৰ আহিল,গ'ল,তৎসত্তেও এই স্পৰ্শকাতৰ সমস্যাটি সমাধানৰ ক্ষেত্ৰত কাৰো আন্তৰিকতা দেখা পোৱা নগ'ল ৷ দত্তই লগতে কয়,ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জড়িয়তে কোনো গুৰুত্বপূৰ্ণ চৰকাৰী বা প্ৰশাসনিক কাৰ্য্যালয় সীমান্ত অঞ্চলত স্থাপন কৰিবলৈ আছুৱে জনাই অহা দাবীকো চৰকাৰে কাণষাৰ নিদিলে ৷ পৰিস্থিতি ৰক্তাক্ত হৈ নগাই আৰু অধিক আগ্ৰাসন কৰালৈ চৰকাৰে বাট চাই আছে নেকি বুলিও দত্তই প্ৰশ্ন কৰে ৷ কঠোৰ গণতান্ত্ৰিক আন্দোলন আৰু প্ৰয়োজন সাপেক্ষ্যে অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্য্যসূচীও সীমান্তবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হ'ব বুলিও ছাত্ৰনেতাদ্বয়ে বিবৃতিটোত ব্যক্ত কৰে ৷ আছুৰ সঁজাতি দলটোত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অৰ্জুনমনি ভূঞা,সাহিত্য সম্পাদক মাধূৰ্য্য গগৈ,সাংগঠনিক সম্পাদক অনন্ত বৰঠাকুৰ,তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক সৌৰভ কলিতা,আটছাৰ জিলাৰ উপ-সভাপতি দীপক তাঁতী,অসম সেনাৰ ৰবি শংকৰ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে ৷

No comments