Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত কংগ্ৰেছৰ ৰণডংকা : ফিল্ডত কাম কৰক নিৰ্বাচনৰ টিকট আমি নিজে দিম : কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙৰ ঘোষণা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২ নৱেম্বৰ :  আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংঠনিক স্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি যোৰহাটত উপ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২ নৱেম্বৰ :  আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংঠনিক স্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি যোৰহাটত উপস্থিত হয়হি সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং । যোৰহাটৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰেক্ষাগৃহত দলীয় পৰ্যবেক্ষণ সভাত কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কংগ্ৰেছ দলৰ কৰ্মীসকলক  কয় যে আপোনালোকে দলীয় টিকটৰ বাবে হাবাথুৰি খাব নালাগে । মোৰ পাছে পাছে ঘূৰি বা কংগ্ৰেছৰ শীৰ্ষ নেতাক খাতিৰ কৰিব নালাগে । আপোনালোকে ফিল্ডত ৰাইজৰ মাজত কাম কৰক আমি নিজা ববীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন পক্ষৰ পৰা ফিল্ডৰ ৰিপৰ্ট লৈ   কোন প্ৰাৰ্থীক টিকট দিলে  জয়ী হব পাৰিব সেই সকলোবোৰ চোৱা ছিটা কৰাৰ পাছতহে সেই প্ৰাৰ্থীক টিকটৰ বাবে মতা হব বুলি জিতেন্দ্ৰ সিঙে উল্লেখ কৰে । এই বাৰ টিকট দিয়া ব্যৱস্থাতো একেবাৰে নতুন ধৰণে কৰা হৈছে বুলি তেওঁ সাংবাদিকৰ আগত উল্লেখ কৰে । আনহাতে কংগ্ৰেছ দলৰ বিধায়ক দুজনে যি মিউজিয়ামৰ কথা কৈ আছে সেই বিধায়ক দুজনৰ বিৰুদ্ধে ইতিমধ্যে দলে কৈফত তলব কৰিছে । সেইয়া ও বিজেপিৰ দ্বাৰা কোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আনহাতে তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী কোন হয় ময়েই বুজিব পৰা নাই সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা । তেওঁ বিজেপি দলক তীব্র সমালোচনা কৰে । আৰু এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ কৰিব বুলিও তেওঁৰ ভাষণত উল্লেখ কৰে । তেওঁ কয় যে মই চাহ বাগিচাৰ এগৰাকী দুখীয়া দৰিদ্ৰৰ লোকৰ ঘৰত থাকি তেওঁলোকৰ দুখ দুৰ্দশা বুজিলো । কংগ্ৰেছৰ চৰকাৰ আহিলে চাহ বাগিচাৰ লোকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ সন্দৰ্ভত চিন্তা কৰা হব বুলি সম্পাদক গৰাকীয়ে উল্লেখ কৰে । ইয়াৰ পূৰ্বে যোৰহাটৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা নেতা গৰাকীক উষ্ম আদৰণি জনাই গায়ন বায়ন আৰু জুমুৰ নৃত্যৰে আদৰি সভাগৃহলৈ লৈ যায় । পুথিভঁৰালৰ প্ৰেক্ষাগৃহত উপস্থিত থকা ব্লক পয্যাৰ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে সৰ্বভাৰতীয় কংগ্ৰেছৰ নেতা গৰাকীয়ে । তেওঁ লগতে কয় যে অসমৰ নেতাৰ পৰিবৰ্তে অসমৰ ৰাইজে সোনকালে নিৰ্বাচন হোৱাটো বিচাৰে । কাৰণ বিজেপি চৰকাৰে ৰাইজক বহু তিক্ততা দিছে বুলিও তেওঁৰ ভাষণত উল্লেখ কৰে । আনহাতে উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , বিধায়ক ৰূপজ্যোতি কুর্মীৰ উপৰিও কেইবগৰাকী কংগ্ৰেছৰ নেতা কৰ্মীয়ে বক্তব্য আগবঢ়ায় ।

No comments