Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে সৰৱ দল- সংগঠনৰঃ ১৭ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

গণ বাৰ্তা বিশেষ, ডিফু, ১৫ নৱেম্বৰ ঃ কাৰ্বি আংলং জিলাৰ  অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত বেদখল প্ৰসংগক কেন্দ...

গণ বাৰ্তা বিশেষ, ডিফু, ১৫ নৱেম্বৰ ঃ কাৰ্বি আংলং জিলাৰ  অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত বেদখল প্ৰসংগক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত কাৰ্বি আংলং জিলাত উত্তেজনা অব্যাহত থকাৰ সময়তে দুয়োখন চুবুৰীয়া ৰাজ্যৰ  সমস্যা সমাধানৰ দাবীত অহা ১৭ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি পাহাৰীয়া জিলাখনৰ কে’বাটাও দল-সংগঠনে। আজি ডিফুৰ ৰংথেয়াংস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে সংগঠনকেইটাই এই কথা ঘোষণা কৰে। সংবাদমেল সম্বোধন কৰি কাৰ্বি ছাত্ৰ সন্থা (ইংলংফ’)ৰ সভাপতি বিজয় বেই কয় যে কাৰ্বি আংলং জিলা গঠনৰ পিছৰ পৰাই কাৰ্বি আংলঙৰ ভূমিক লৈ বিভিন্ন সমস্যা চলি আহিছে যদিও কাৰ্বি আংলঙৰ মাটিত সঠিকভাৱে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই।

 বিশেষকৈ নাগালেণ্ড সীমান্তত ব্যাপক হাৰত বেদখল অব্যাহত থকাৰ পিছতো ইয়াক ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈ আহিছে। কাৰ্বি আংলঙৰ সীমান্ত ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নেৰানেপেৰা ব্যৰ্থতাৰ বাবেই জিলাখনৰ দল-সংগঠনসমূহে আজি ৰাইজৰ সহায় লৈ কাৰ্বি আংলঙৰ  ভূমি ৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হোৱা বুলি মন্তব্য কৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে অহা ১৭ নৱেম্বৰৰ পৰা কাৰ্বি আংলঙৰ দল-সংগঠনসমূহে নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ সিদ্ধান্ত লোৱা বুলি সংবাদমেলত ঘোষণা কৰে। 

লগতে সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম আৰু নাগালেণ্ড  চৰকাৰে  শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰক, কাৰ্বি আংলঙৰ ৰিলানবস্তিত নাগালেণ্ড চৰকাৰে  অবৈধভাৱে প্ৰদান কৰা মাটিৰ পট্টাসমূহ বাতিল কৰা, কাৰ্বি আংলঙৰ মাটিত নাগালেণ্ড চৰকাৰৰ সমৰ্থনত একাংশ লোকে নিৰ্মাণ কৰা গৃহসমূহ উচ্ছেদ কৰা, নগা দুবৃত্তই ইতিমধ্যে ভাঙি পেলোৱা দুেয়াখন ৰাজ্যৰ  সীমা এলেকাত থকা খুঁটিসমূহ পুনৰ্নিৰ্মাণ অসমৰ  মাটিত নাগালেণ্ড চৰকাৰে স্থাপন কৰা আই আৰ বি এনৰ শিবিৰ উঠাই নিয়া, সীমান্ত এলেকাত কাৰ্বি আংলঙৰ বন বিভাগে টহলৰ বাবে নিৰ্মাণ কৰা পথৰ  নিৰ্মাণকাৰ্যত নগা দুৰ্বৃত্তই প্ৰদান কৰি অহা বাধা নোহোৱাৰ ব্যৱস্থা কৰা আৰু নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ মাটিত বিদ্যুৎ সংযোগৰ বাবে স্থাপন কৰা খুঁটাসমূহ উঠাই নিয়াৰ বাবেও সংবাদমেলযোগে সংগঠনসমূহে দাবী জনায়।

 ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে অনাগত দিনত এই আন্দোলন অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰি এইক্ষেত্ৰত জিলাখনৰ সকলো সংগঠনে সমৰ্থন জনোৱা বুলি জানিবলৈ দিয়ে। কাৰ্বি আংলঙৰ ভূমিৰ  সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰো সদিচ্ছাৰ অভাৱ বুলি সংবাদমেলখনত আক্ষেপ প্ৰকাশ কৰি ছাত্ৰনেতাগৰাকীয়ে লগতে খানাপাৰাত মেঘালয়ৰ পৰা সামান্য আগ্ৰাসনৰ চেষ্টা চলালেও কঠোৰ  স্থিতি গ্ৰহণ কৰা অসম চৰকাৰে কাৰ্বি আংলঙত মানুহ মৰিলেহে ব্যৱস্থা ল’ব নেকি বুলি প্ৰশ্ন কৰাৰ লগতে   কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাকো সমালোচনা কৰে। আনহাতে, বহু বছৰ ধৰি অসম-নাগালেণ্ড সীমান্তত অশান্তি অব্যাহত থকাৰ পিছতো এইক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

No comments