Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈৰ কেম্ভাছ অঁকাৰ বাবেই চৰকাৰী ৰোষৰ বলি শিল্পীঃ দেৱাল অংকনৰ অপৰাধতে আটক কালেক্টিভৰ শিল্পী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ নৱেম্বৰ ঃ ‘কা’ আন্দোলনৰ আগশাৰীৰ নেতা অখিল গগৈ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়তে বিভিন্ন মহলত অখিল গগৈৰ মুক্...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ নৱেম্বৰ ঃ ‘কা’ আন্দোলনৰ আগশাৰীৰ নেতা অখিল গগৈ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়তে বিভিন্ন মহলত অখিল গগৈৰ মুক্তিৰ দাবীত সৰৱ চৰ্চা অব্যাহত আছে। প্ৰায় ১১ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। বিগত বৰ্ষত ‘কা’বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠাৰ সময়তে অখিল গগৈক গ্ৰেপ্তাৰ কৰি বিভিন্ন গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ‘কা’বিৰোধী আন্দোলন মষিমূৰ কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল। বিভিন্ন দল-সংগঠন তথা বুদ্ধিজীৱীয়ে অখিল গগৈক গ্ৰেপ্তাৰ কৰাটো চৰকাৰী ষড়যন্ত্ৰ বুলি অভিহিত কৰি অখিল গগৈক মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছিল। ইপিনে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত কৰি অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰি থোৱা কাণ্ডৰ প্ৰতিবাদ স্বৰূপে তথা অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল লিখন কৰিবলৈ গৈ আজি চৰকাৰী আক্ৰোশৰ বলি হৈছে এদল শিল্পী। 

ৰাজ্যত যে একপ্ৰকাৰ ফেচীবাদী নীতি চলিছে তাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰি চৰকাৰৰ বিৰুদ্ধে মাত মতা বাবেই আজি এদল চিত্ৰশিল্পী চৰকাৰী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। দুৰ্নীতি আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে মাত মতাৰ পিছত সাংবাদিক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি চিত্ৰশিল্পীও চৰকাৰী বাহিনীৰ হাতত আটক হ’বলগীয়া হোৱা কাণ্ডই এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে আজি লালমাটিৰ নিধি ভৱনৰ সন্মুখত অখিল গগৈৰ মুক্তিৰ দাবী তথা দীৰ্ঘদিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ কণ্ঠ অৱৰুদ্ধ কৰাৰ চেষ্টাৰ প্ৰতিবাদ স্বৰূপে দেৱাল লিখিবলৈ গৈছিল ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ ল’ৰাকেইজন। কিন্তু দেৱাল লিখন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বশিষ্ঠ আৰক্ষীয়ে বাধা দি আটাইকেইজনকে থানালৈ লৈ যায়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলে কয় যে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অংগ আৰ্ট ‘কালেক্টিভে’ নামৰ উদীয়মান চিত্ৰশিল্পীৰ এক সংগঠনে নিজাববীয়াকৈ ৰাজ্যজুৰি দেৱাল অংকনৰ কাৰ্যসূচী হাতত লৈছে। 

আজি গুৱাহাটীৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰথমখন চিত্ৰ অংকন সম্পূৰ্ণ কৰে কালেক্টিভে। কিন্তু এই খবৰ পাই ভীতিগ্ৰস্ত চৰকাৰ, অসম আৰক্ষী জঁপিয়াই পৰিল শিল্পীকেইগৰাকীৰ ওপৰত। গ্ৰেপ্তাৰ কৰি লৈ অনা হয় বশিষ্ঠ আৰক্ষী থানালৈ। থানাত শিল্পীকেইগৰাকীৰ ওপৰত দেৱাল চিত্ৰখন মচি পেলাবলৈ হেঁচা প্ৰয়োগ কৰা হয়। অৱশেষত পুলিচৰ হেঁচাত বাধ্য হৈ মচি পেলোৱা হয় অখিল গগৈৰ মুক্তিৰ দাবীত অংকন কৰা দেৱাল চিত্ৰ। এই কথাত তীব প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘ৰাইজৰ দলে’ কয়- আজিৰ ঘটনাই প্ৰমাণ কৰে ‘ৰাইজৰ দল’ৰ মুখ্য আহ্বায়ক অখিল গগৈৰ ছাঁটোলৈও যে ভয় কৰে সোণোৱাল চৰকাৰে। আজিৰ ঘটনাই লগতে প্ৰতিষ্ঠা কৰি দিছে যে বিজেপিৰ শাসনত সুৰক্ষিত নহয় শিল্পীৰ মতামত প্ৰকাশৰ স্বাধীনতা। গুৱাহাটীৰ বিভিন্ন স্থানত এনে অনেক দেৱাল চিত্ৰ আছে, য’ত চৰকাৰৰ গুণ-গৰিমা লিখা আছে। কিন্তু আজি অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল চিত্ৰ আঁকোতেই পুলিচ প্ৰশাসনৰ চকুত পৰিল। অখিল গগৈৰ মুক্তিৰ দাবী নিস্তেজ কৰিবলৈকে এনে অপচেষ্টা চলাইছে চৰকাৰে। চৰকাৰ আৰু চৰকাৰী বাহিনীৰ এনে নীচ ষড়যন্ত্ৰক ৰাইজেই এদিন ৰাইজৰ আদালতত নিশ্চিতভাৱে বিচাৰ ল’ব।

No comments