ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে জো বাইডেন নিৰ্বাচিত হোৱাৰ লগে লগেই উপ-ৰাষ্ট্ৰপতি হোৱাৰ বাট মুকলি হৈছে ভাৰতীয় মূলৰ ...
ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে জো বাইডেন নিৰ্বাচিত হোৱাৰ লগে লগেই উপ-ৰাষ্ট্ৰপতি হোৱাৰ বাট মুকলি হৈছে ভাৰতীয় মূলৰ কমলা হেৰিছৰ। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল। ভাৰতীয় মূলৰ এইগৰাকী মহিলাই বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰখনৰ উপ-ৰাষ্ট্ৰপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ উপ-ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰাৰ লগে লগেই তেওঁ হৈ পৰিব আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি। ইয়াৰ উপৰি তেৱেঁই হৈছে উপ-ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা। উপ-ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতেই আমেৰিকাবাসীক সম্বোধন কৰি কয় যে উপ-ৰাষ্ট্ৰপতি ৰূপে তেওঁ নিৰ্বাচিত হোৱাৰ কৃতিত্ব সৰ্বপ্ৰথমে মহিলাসকললৈ যায়।
মহিলাসকল সদায় মোৰ হৃদয়ত থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে যেতিয়া ১৯ বছৰ বয়সত ভাৰতৰ পৰা আহিছিল তেতিয়া তেওঁ এনে পদবী লাভ কৰিব বুলি কেতিয়াও কল্পনা কৰা নাছিল। কিন্তু তেওঁ সদায় আমেৰিকাৰ ওপৰত বিশ্বাস বৰ্তাই ৰাখিছিল বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয়- এছিয়ান, ব্ৰিটেইন মূলৰ লোকসকলে আমেৰিকাৰ বিকাশত ভূমিকা গ্ৰহণ কৰিছে। তেওঁ নিজকে উপ-ৰাষ্ট্ৰপতি হোৱাৰ বাবে গৌৰৱ কৰি কয় যে এই পদৰ বাবে নিৰ্বাচিত হোৱা তেওঁ অন্তিমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহ’ব। ২০১৫ত তেওঁ প্ৰথমবাৰলৈ আমেৰিকাৰ সংসদলৈ নিৰ্বাচিত হৈছিল। ৫৫ বছৰীয়া কমলা হেৰিছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ছোৱাত তেওঁক ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছিল। তেওঁ ব্যাপক হাৰত প্ৰচাৰ অভিযান চলাইছিল জো বাইডেনৰ পক্ষত।
No comments