Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এটা ৰাজনৈতিক ধমকিতে ভাৰত জিন্দাবাদো দিব মিঞা মিউজিয়ামো নোহোৱা হ’বঃ ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী হিমন্ত বিশ্ব

বাইহাটা চাৰিআলি, ১৪ নৱেম্বৰ ঃ উত্তৰ কামৰূপ বিশেষকৈ বাইহাটা চাৰিআলি অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ মোচন কৰি আজি দেউদুৱাৰত ১০ বিঘা ভূমি সামৰি এখন ...

বাইহাটা চাৰিআলি, ১৪ নৱেম্বৰ ঃ উত্তৰ কামৰূপ বিশেষকৈ বাইহাটা চাৰিআলি অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ মোচন কৰি আজি দেউদুৱাৰত ১০ বিঘা ভূমি সামৰি এখন ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে অসমৰ বিত্ত, স্বাস্থ্য তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি অস্বাভাৱিক মৃত্যুৰ বলি হোৱা তিনিচুকীয়াৰ সাংবাদিক পৰাগ ভূঞা সন্দৰ্ভত যদি হত্যা হৈছে হত্যাকাৰীয়ে শাস্তি পাব আৰু যদি দুৰ্ঘটনা হয় আমি সমবেদনাহে জনাব পাৰো বুলি টুলুঙা মন্তব্য কৰে। শংকৰদেৱ কলাক্ষেত্ৰ সন্দৰ্ভত বদৰুদ্দিন আজমলৰ সাম্প্ৰতিক ভাষ্যৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে শংকৰদেৱ কলাক্ষেত্ৰত অসমীয়া সংস্কৃতিক আঘাত কৰা কাৰ্য আমি কৰিবলৈ নিদিওঁ। অসমৰ হিন্দু-মুছলমানৰ সংস্কৃতিৰ ভিন্নতা নাই।

 কিছুমানৰ লগত আমাৰ সংস্কৃতি নিমিলে। আজমলে ভাৰত জিন্দাবাদ দিয়ে সঁচা, কিন্তু পাকিস্তান বা বাংলাদেশ মুৰ্দাবাদ দিয়ে জানো এতিয়া আমিহে তেওঁৰ মুখেৰে উলিয়াইছো। আজমলক কটাক্ষ কৰি কয় যে এটা ৰাজনৈতিক ধমকিতে অসম জিন্দাবাদ, ভাৰত জিন্দাবাদ ক’ব তথা মিঞা মিউজিয়ামো নোহোৱা হব।বাইহাটা চাৰিআলিৰ অন্তৰ্গত দেউদুৱাৰ আলিপূবৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অসম চৰকাৰৰ ৰাজহ বিভাগে আবণ্টন দিয়া ১০ বিঘা ভূমিত এখন পূৰ্ণাংগ ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই ক্ৰীড়া ক্ষেত্ৰই অঞ্চলটোৰ বৃহৎ সমস্যা সমাধান কৰিব। চৰকাৰৰ দ্ৰুত উন্নয়নৰ আঁচনিয়ে বৃহত্তৰ অঞ্চলটোৰ মানচিত্ৰ সলনি কৰি পেলাব।বাইহাটা চাৰিআলি সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ অহোপুৰুষাৰ্থ চেষ্টাত গঢ় লৈ উঠা এই খেলপথাৰৰ আধাৰশিলা

 উপলক্ষে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদৱ চন্দ্ৰ ডেকা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী।বাইহাটা চাৰিআলি সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ সভাপতি চহিদুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় বিপিন চন্দ্ৰ ডেকা আৰু আতোৱাৰ ৰহমান সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী। ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলাই বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰা বুলি মত ব্যক্ত কৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই।

No comments