Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈ মুক্তিৰ দাবীত আমগুৰিত দেৱাল অংকন:

গণ বার্তা, আমগুৰি, ২০ নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চৰ উদ্যোগত আমগুৰিৰ বিভিন্ন দেৱালত অখিল গগৈ...


গণ বার্তা, আমগুৰি, ২০ নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চৰ উদ্যোগত আমগুৰিৰ বিভিন্ন দেৱালত অখিল গগৈৰ ফটো অংকন কৰি নেতা জনৰ মুক্তিৰ দাবী জনায়। যোৱাকালি গুৱাহাটী বশিষ্ট দলংত ছাত্ৰ মুক্তি আৰু অংগৰাগ আৰ্ট কালেক্টিভৰ সদস্য সকলে অখিল গগৈৰ ফটো অংকন কৰি থাকোতে সোণোৱাল চৰকাৰৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ ফটো মচি পেলাই। সেয়ে আজি ছাত্ৰ মুক্তি আৰু গণমঞ্চৰ বিষয় ববীয়া সকলে জাঁজীৰ চিত্ৰ শিল্পী ধ্ৰৱজ্যোতি দত্তৰ হাতেৰে আমগুৰিৰ বিভিন্ন দেৱালত অখিল গগৈৰ ফটো অংকন কৰা। অংকন স্থলীৰ পৰা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই সোণোৱাল চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাই কয় সোণোৱাল চৰকাৰক অখিল গগৈৰ ভূতে খেদিছে।কাৰণ কেৱল অখিল গগৈলৈ সোণোৱাল চৰকাৰৰ ভয় নহয় অখিল গগৈৰ ফটো খনলৈও সোণোৱাল চৰকাৰৰ ভয়। আৰু অসমৰ আৰক্ষী প্ৰশাসনেও সোণোৱাল চৰকাৰৰ কথা মতে উঠা বহা কৰে। আগন্তুক  দিনত অসমৰ প্ৰতিখন দেৱালত অখিল গগৈৰ ফটো অংকন কৰা হব বুলি সকীয়াই দিয়ে। আহোম জাতীয় গণমঞ্চৰ শিৱসাগৰ জিলাৰ সম্পাদক উদয়াদিত্য বৰাই অখিল গগৈক অতি সোনকালে মুক্তি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে। অংকন স্থলীত ছাত্ৰ মুক্তিৰ পল্লব শইকীয়া, ৰণটো শইকীয়াৰ লগতে আহোম জাতীয় গণমঞ্চৰ আমগুৰি আঞ্চলিকৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

No comments