গণবাৰ্তা বিশেষ, যোৰহাট ২৬ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী, জননেতা তৰুণ গগৈৰ দেহাৱসানত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য । প্ৰতিজন ৰাজ্যবাস...
গণবাৰ্তা বিশেষ, যোৰহাট ২৬ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী, জননেতা তৰুণ গগৈৰ দেহাৱসানত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য । প্ৰতিজন ৰাজ্যবাসীয়ে আজি অশ্ৰুশিক্ত নয়নেৰে প্ৰিয় নেতা জনক চিৰবিদায় জনাই । যোৰহাট প্ৰেছ ক্লাৱতো আজি বিয়লি অনুস্থিত এক শ্ৰদ্ধাঞ্জলি অনুস্থানত যোৰহাটৰ সাংবাদিক সকলৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তিয়ে প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি শাংকৱ কৌশিক বৰুৱাই । স্মৃতিচাৰণ সভাত যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক অনন্ত নাৰায়ন বৰঠাকুৰে প্ৰয়াত তৰুণ গগৈ দেৱৰ লগত যোৰহাট প্ৰেছ ক্লাৱৰ সম্পৰ্ক বিষয়ে স্মৰণ কৰি কয় যে যোৰহাট প্ৰেছ ক্লাৱৰ ভূমি আৱন্টনকে ধৰি ভৱন নিৰ্মানৰ বাবে ২৫ লাখ টকা অনুদান আগবঢ়াই যোৰহাট প্ৰেছ ক্লাৱ নিৰ্মানত অৰিহনা যোগাইছিল | যোৰহাট প্ৰেছ ক্লাৱত আজি প্ৰয়াত নেতা জনৰ কৰ্মৰাজি সুৱৰি আৱেগিক হৈ পৰে | যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা সভাত প্ৰেছ ক্লাৱৰ কোষাধ্যক্ষ অশোক বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক শিৱ কলিতা, বিশিষ্ট অধিবক্তা ৰিন্তু গোস্বামী, সুদীপ্ত নয়ন গোস্বামী, দ্যা ইভেন্টৰ সদস্যকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে গগৈ ডাঙৰীয়াৰ জীৱন আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে ।সভাৰ শেষত গগৈ ডাঙৰীয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা জনোৱা লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।
No comments