ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী ২৪ নৱেম্বৰ ঃ অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী ২৪ নৱেম্বৰ ঃ অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ খবৰ লোৱাৰ উদ্দেশ্যে আজি জি এম চি এইচত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল। জি এম চি এইচত তৰুণ গগৈৰ খবৰ ল’বলৈ আহি উচুপি উঠে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল। গাড়ীৰ পৰা নামোতেই তেওঁক গগৈৰ সৈতে সম্পৰ্ক কেনে আছিল বুলি সাংবাদিকে সোধাত তেওঁ উচুপি উচুপি কয়- ‘মই তেওঁক বহু কাষৰ পৰা বহুবাৰ পাইছিলো।
তেওঁ আকৌ আৰোগ্য হৈ আমাৰ মাজলৈ উভতি আহিব। এই আশা লৈয়ে আমি কালিৰে পৰা সকলোতে দোৱা-প্ৰাৰ্থনা কৰি আছো।’‘এমাহ পূৰ্বে তেওঁক লগ পাইছিলো....খুব সুন্দৰকৈ কথা পাতিছিল......মোৰ ঘৰৰ খবৰ লৈছিল......ল’ৰা-ছোৱালীৰ খবৰ সুধিছে...বেয়া লাগিছে, তেওঁক এনেকৈ দেখি...। বদৰুদ্দিন আজমলৰ পিতৃৰ সৈতেও তৰুণ গগৈৰ ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি আজমলে উল্লেখ কৰি তেওঁৰ হোজাইৰ ঘৰলৈ গগৈয়ে দুবাৰ আৰু মুম্বাইৰ ঘৰলৈও গৈছিল বুলি উল্লেখ কৰে।
No comments