Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ প্ৰতিনিধি সভা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৩ নৱেম্বৰ :   যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী অংগ যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ প্ৰতিনিধি সভা আজ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৩ নৱেম্বৰ :   যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী অংগ যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ প্ৰতিনিধি সভা আজি  যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰা হয় । আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমণি ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে  যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই । ১৫ টা প্ৰাথমিক গোটৰ তিনিশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰণ বৰদলৈয়ে । বৰদলৈ ডাঙৰীয়াই নিজৰ বক্তব্যত কয় , আজি পৰিৱেশ দেখি আৱেগিক হৈ পৰিছোঁ , আজিৰ এই পৰিৱেশে আমাক ৮০ ৰ দশকলৈ মনত পেলাই দিলে । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সেই ভেটি আৰু ঐতিহ্য এতিয়াও সেই আগৰ দৰেই অটুট আছে আজিৰ উপস্থিত প্ৰতিনিধিৰ সংখ্যাই তাকেই প্ৰতীয়মান কৰিলে । ৮৫৫ জন অসমৰ জাতীয় শ্বহীদৰ তালিকাত এইখন আঞ্চলিক ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক আছে বুলি আমি আজি গৌৰৱবোধে ক'ব পাৰোঁ । ভৱিষ্যতৰ দিনত এইখন আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ । প্ৰতিনিধি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডেদেৱে ছাত্ৰ সন্থাৰ দৃষ্টিভংগী আলোকপাত কৰাৰ লগতে বিগত সময়ত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰি অহা বিভিন্ন ব্যতিক্ৰমী , গঠনমূলক , যোগাত্মক আৰু সবল তথা সক্ৰিয় ভূমিকাৰ বাবে আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা , সভাপতি , সম্পাদকৰ লগতে সমগ্ৰ সমিতিখনকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি নৱনিৰ্বাচিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে তেওঁৰ বক্তব্যত কয় যে , ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত , অৰ্হতাসম্পন্ন নিবনুৱাৰ উপযুক্ত সংস্থাপনৰ স্বাৰ্থত আগন্তুক দিনত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে এটা স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাট নগৰত স্থাপন কৰাৰ উপৰিও নিবনুৱা সংস্থাপনৰ বাবে এখন নিয়োগ মেলা আৰু এটা   প্ৰাইভেট এমপ্ল'ইমেণ্ট এক্সচেঞ্জ যোৰহাট জিলা ছাত্ৰ সন্থাৰ তত্বাৱধানত গঠন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব । বৰদলৈয়ে লগতে কয় , যোৰহাটৰ "আছু"ৰ লাইখুঁটা স্বৰূপ এই আঞ্চলিক ছাত্ৰ সন্থাখন সদায়েই যাতে গতিশীল আৰু কৰ্মদক্ষ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকজন কাৰ্যনিৰ্বাহক সদস্যই আছুক সবল কৰাৰ স্বাৰ্থত নিজকে আত্মনিয়োগ কৰিব লাগিব । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক দীপ দত্তও উপস্থিতিত সাংগঠনিক দিশত সাৰুৱা বক্তব্য প্ৰদান কৰে ৷ প্ৰতিনিধি সভাত উপস্থিত থাকি অসম সেনা , যোৰহাট মহানগৰ সমিতিৰ উপদেষ্টা তথা প্ৰাক্তন ছাত্ৰ নেতা অৰূপ পূজাৰীয়ে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভৱিষ্যতৰ কৰ্মপন্থাৰ লগত অসম সেনাৰ সক্ৰিয় সহযোগ সন্দৰ্ভত নিজৰ সাৰুৱা বক্তব্য দাঙি ধৰে । ইয়াৰোপৰি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্রশান্ত শইকীয়া উপস্থিত থাকি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মজিয়াত গুৰুত্বপূৰ্ণ ভূমিকা উল্লেখ কৰি আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সভাপতিগৰাকীয়ে আগন্তুক দিনত যাতে জিলা ছাত্ৰ সন্থাক অত্যাধিক শক্তিশালী কৰিব পাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলক সদায় নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় । প্ৰতিনিধি সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি বিজয় শংকৰ বৰদলৈ , প্ৰকাশ বৰা , অৰ্জুনমণি ভূঞা , পাৰ্থ প্ৰতিম বৰা , দীপ শইকীয়াক উপদেষ্টা , ঐনিতম দত্তক সভাপতি , ৰিয়াজ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ ৭১ জনীয়া এখনি নতুন কাৰ্যনিৰ্বাহকক সমিতি গঠন কৰা হয় । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত তৰাজান , মালৌআলি , জেইলৰ'ড , চিনামৰা , টোকোলাই , ৰজাবাৰী, গড়মূৰ , কেন্দ্ৰীয় শাখাকে ধৰি কেইবাটাও শাখা ছাত্ৰ সন্থাৰ উপৰিও জগন্নাথ বৰুৱা মহাবিদ্যালয় , চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় , দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয় আছু গোটৰ কৰ্মীসকলে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে । অসম সেনা, যোৰহাট মহানগৰ সমিতিৰ মুখ্য সংগঠক ৰবি শংকৰ শৰ্মা , উপ মুখ্য সংগঠক দেৱাশীষ খাউণ্ড , ক্ৰীড়া সংগঠক সুদীপ্ত বৰা , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক ৰক্তিম ৰঞ্জন বৰা , সাংগঠনিক সম্পাদক চন্দন বৰা ,  যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ ৰাগিব এহচান নেছিম , প্ৰণয়জ্যোতি গন্ধিয়া , মাধুৰ্য দত্ত , অভিলাষ বৰঠাকুৰ , অম্লান ভৰালী ইত্যাদি বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।

No comments