Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হিমন্ত বিশ্ব শৰ্মাই নিজক বচাবলৈ কংগ্ৰেছ এৰি বিজেপি জাপ মাৰিছেঃ ওদালগুৰিত হাগ্ৰামা মহিলাৰী

গণ বাৰ্তা বিশেষ, ওদালগুৰি, ২৮ নৱেম্বৰ ঃ ক্ৰমাৎ তীব্ৰতৰ ৰূপ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাক্‌ যুদ্ধই।...



গণ বাৰ্তা বিশেষ, ওদালগুৰি, ২৮ নৱেম্বৰ ঃ ক্ৰমাৎ তীব্ৰতৰ ৰূপ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাক্‌ যুদ্ধই। আজি ওদালগুৰি জিলাৰ কবিাৰালী আৰু বান্দৰগুৰিত অনুষ্ঠিত বিপিএফৰ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি ল’লে হাগ্ৰামা মহিলাৰীয়ে। সমান্তৰালকৈ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীকো আক্ৰমণৰ লক্ষ্য হিচাপে ল’লে হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীয় সভাত হিমন্ত বিশ্ব শৰ্মাক আছুৰ পৰা খেদা খোৱা নেতা আৰু বিশ্বজিৎ দৈমাৰীকো এব্‌ছুৰ পৰা খেদা খোৱা নেতা আখ্যা দি খেদা খোৱা খেদা খোৱা লগ লাগিছে বুলি কটাক্ষ কৰে। মহিলাৰীয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজক বচাবলৈ কংগ্ৰেছ এৰি বিজেপি জাঁপ মাৰিছে। কংগ্ৰেছৰ দিনত যিটো কেলেংকাৰী কৰিছে, কংগ্ৰেছত থাকিলে নাবাচিল হয়। মহিলাৰীয়ে লগতে হিমন্ত বিশ্ব শৰ্মা মাটিৰ পট্টা দিয়া মালিক নেকি বুলিও প্ৰশ্ন কৰে। 

হিমন্ত বিশ্ব শৰ্মা য’ত থাকে তাত গণ্ডগোল হ’বই হ’ব বুলিও কয় মহিলাৰীয়ে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক হিমন্ত বিশ্ব শৰ্মাৰ ইস্তাহাৰ বুলিও আখ্যা দিয়ে হাগ্ৰামা মহিলাৰীয়ে। ইপিনে, বিটিআৰ চুক্তিৰ খচৰা প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই বনোৱাৰ লগতে এনডিএফবিৰ চাৰিটা গোটে এই সন্দৰ্ভত অজ্ঞাত আছিল বুলিও মন্তব্য কৰে মহিলাৰীয়ে। পৰিষদ গঠন হ’লে বিটিআৰ চুক্তি হাতেৰে নুচুওঁ বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবিসকলক পুনৰ্সংস্থাপন দিয়াৰ পোষকতা কৰে মহিলাৰীয়ে। 

ইপিনে, সভাত বিশ্বজিৎ দৈমাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি মহিলাৰীয়ে বিশ্বজিৎ দৈমাৰী পইচা খাই পলাইছে বুলি বিস্ফোৰক মন্তব্য কৰে। বিশ্বজিৎ দৈমাৰীয়ে শিক্ষকৰ চাকৰিৰ নামত ৪ কোটিৰো অধিক টকা খোৱাৰো অভিযোগ কৰে মহিলাৰীয়ে। বিপিএফত থাকিলে বিশ্বজিৎ দৈমাৰীক ধৰিলে হৈ বুলিও কয় মহিলাৰীয়ে। উল্লেখ যে আজি হাগ্ৰামা মহিলাৰীয়ে কবিৰালীত হৰিশিঙা পৰিষদীয় সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰীৰ হৈ আৰু বান্দৰগুৰিত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰিপেন দৈমাৰীৰ সমৰ্থনত  সভা দুখন সম্বোধন কৰে। সভা দুখনত মন্ত্ৰী ৰিহণ দৈমাৰীসহ  বিপিএফ দলৰ বিধায়ক আৰু বহুকেইজন  নেতাই অংশগ্ৰহণ কৰে।

No comments