Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যত সাংবাদিকক পুনৰ আক্ৰমণ ঘটনা ঃ এইবাৰ বিদ্যুতৰ খুঁটাত বান্ধি সাংবাদিকক প্ৰহাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ এইবাৰ একাংশ জুৱাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ‘অসমীয়া প্ৰতিদিন’ কাকতৰ দক্ষ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ এইবাৰ একাংশ জুৱাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ‘অসমীয়া প্ৰতিদিন’ কাকতৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সংবাদদাতা মিলন মহন্তক বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে মিৰ্জা অঞ্চলত জুৱাৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে মিলনে দীৰ্ঘদিনে বাতৰি পৰিৱেশন কৰি আহিছিল। আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি, অভিযুক্ত সঞ্জয় ঠাকুৰীয়া আৰু অন্যান্য আক্ৰমণকাৰীৰ বিৰুদ্ধে পলাশবাৰী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী সাংবাদিকজনে। সাংবাদিকগৰাকীক বিদ্যুৎ পৰিৱাহী খুঁটাত বান্ধি প্ৰহাৰ কৰা অৱস্থাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

 ঘটনা সন্দৰ্ভত ভুক্তভোগী সাংবাদিকজনে সংবাদ মাধ্যমৰ আগত কয় ‘আমি এই অঞ্চলত চলি অহা অবৈধ জুৱাৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰি আহিছিলোঁ। তেনে ক্ষেত্ৰত সঞ্জয় ঠাকুৰীয়া নামৰ মাফিয়াগৰাকীয়ে লগত চাৰি-পাঁচগৰাকী লোকক লৈ তিনিআলি চ’কত বজাৰ কৰি থকা অৱস্থাত প্ৰহাৰ কৰাৰ লগতে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিছে। কিয় জুৱাৰ বিৰুদ্ধে বাতৰি কৰিছোঁ আৰু কিয় তেওঁক ভূ-মাফিয়া বুলি লিখোঁ এনেকৈ গালি পাৰি মোক প্ৰহাৰ কৰিছে। তেওঁ লগতে কয়, জুৱাৰীজনে মোক তেওঁৰ পৰা ১০,০০০ টকা ফোন কৰি দাবী কৰা আৰু ভাবুকি দিয়া বুলি প্ৰহাৰ কৰিছে। মোৰ ম’বাইলটো কাঢ়ি নি ভাঙিব বিচাৰিছিল। মোক প্ৰহাৰ কৰাৰ সময়ত ভিডিঅ’ও কৰিছিল সিহঁতে।

 ইপিনে, স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি সাংবাদিকজনক উদ্ধাৰ কৰি হাতৰ বান্ধ খুলি দিয়ে। তেনে সময়তে পলাশবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হোৱাত অভিযুক্ত লোককেইজনে পলায়ন কৰে বুলি সাংবাদিকজনে উল্লেখ কৰে। তদুপৰি সঞ্জয় ঠাকুৰীয়াই ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিকজনক হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ তোলে। তিনিচুকীয়াত সন্দেহজনকভাৱে সাংবাদিকৰ মৃত্যু আৰু আজি নিৰ্ভীক সাংবাদিক মিলন মহন্তক প্ৰহাৰৰ ঘটনাই এতিয়া ৰাজ্যৰ গৃহ বিভাগৰ ফোঁলোপা স্বৰূপটো উদঙাই দিছে। ৰাজ্যখনত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। ৰাজ্যখনত সাংবাদিকৰ নিৰাপত্তা নাইকিয়া হৈছে। সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণৰ ঘটনাক বিভিন্ন দল-সংগঠনে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে।

No comments