Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

গণ বাৰ্তা, পশ্চিম যোৰহাট,২৮ নৱেম্বৰ:আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ-পশ্চিম যোৰহাট খণ্ডৰ বিজ্ঞান বিষয়ৰ বক্তৃতা প্ৰতিযোগিতা বৰিগাঁও প্লাব্লিক ...



গণ বাৰ্তা, পশ্চিম যোৰহাট,২৮ নৱেম্বৰ:আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ-পশ্চিম যোৰহাট খণ্ডৰ বিজ্ঞান বিষয়ৰ বক্তৃতা প্ৰতিযোগিতা বৰিগাঁও প্লাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ত ২৮ নৱেম্বৰত অনুষ্ঠিত হয়।বাহনা,চাৰিগাঁও,মালৌআলি, ৰেৱকান্ত বৰুৱা প্লাব্লিক,কল্যাণী,নামগৰুমৰা বাপু বাহৈ হাইস্কুল, সাধনী,বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিজ্ঞান বিষয়ৰ বক্তৃতা প্ৰতিযোগিতা পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঠানুৰাম বৰা,পৰেশ নেওগ,ৰমেন শইকীয়াই।খণ্ড সমণ্বয়ক বিপুল দুৱৰাই আঁত ধৰা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
ডঃ প্ৰমোদ চন্দ্ৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত পুৰষ্কাৰ বিতৰণি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিপুল দুৱৰাই।কেন্দ্ৰৰ জিলা সমণ্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ, ৰমেন শইকীয়াই বক্তব্য আগবঢ়োৱা সভাতে প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত চাৰিগাওঁ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰিয়াংকী বৰাক পোন্ধৰশ টকাসহ মানপত্ৰ, দ্বিতীয় স্থান প্ৰাপ্ত সৰুচৰাই ঘৰফলীয়া হাইস্কুলৰ কবিতা বৰাক বাৰশ টকাসহ মানপত্ৰ,তৃতীয় স্থান প্ৰাপ্ত বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ প্ৰতিশ্ৰুতি মহন্তক নশ টকাসহ মানপত্ৰ প্ৰদান কৰে।তিনিওগৰাকীয়ে ডিচেম্বৰত হ'বলগীয়া জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত উত্তৰ-পশ্চিম যোৰহাট খণ্ডৰ হৈ অংশগ্ৰহণ কৰিব।

No comments