Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বন্ধ হোৱাৰ পথত নৌকা স্বাস্থ্য সেৱাঃচাৰিমাহে বেতন নাই নৌকা স্বাস্থ্য সেৱাৰ কৰ্মচাৰীৰ

  গণ বাৰ্তা, আমগুৰি, ৪ নৱেম্বৰ ঃ অসম চৰকাৰৰ  চূড়ান্ত দায়িত্বহীনতাৰ বাবেই এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে অসমৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া তেৰখনক...

 


গণ বাৰ্তা, আমগুৰি, ৪ নৱেম্বৰ ঃ অসম চৰকাৰৰ  চূড়ান্ত দায়িত্বহীনতাৰ বাবেই এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে অসমৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া তেৰখনকৈ জিলাত চলি থকা এটি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এই নৌকা স্বাস্থ্য সেৱা এতিয়া বন্ধ হোৱাৰ পথত। কাৰণ  এই সেৱাৰ লগত জড়িত তিনি শতাধিক কৰ্মচাৰীয়ে বিগত চাৰি মাহ ধৰি বঞ্চিত হৈ আছে প্ৰাপ্য পাৰিতোষিকৰ পৰা। উল্লেখযোগ্য যে ২০০৫ চনতে ডিব্ৰুগড় জিলাত আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱাই বৰ্তমানে অসমৰ তেৰখনকৈ জিলাত ১৫টা ইউনিটৰ যোগেদি সেৱা আগবঢ়াই আহিছে। 

CNES নামৰ এটা ট্ৰাষ্টীৰ অধীনত  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ সহযোগত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ দুৰ্গম চৰ-চাপৰিৰ ৰাইজৰ মাজত নৌকা স্বাস্থ্য সেৱাই সেৱা আগবঢ়াই আহিছে। নৌকা স্বাস্থ্য সেৱাত নিয়োজিত কৰ্মচাৰীসকলৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে প্ৰাইভেট-পাব্লিক পাৰ্টনাৰশ্বিপ পদ্ধতিতত পৰিচালিত হোৱা এই সেৱাত প্ৰতিটো ইউনিটত দুগৰাকী চিকিৎসক, এজন প্ৰগ্ৰেম অফিচাৰ, তিনিগৰাকীকৈ নাৰ্ছ, এজন ফাৰ্মাচিষ্ট, এজন লেবৰেটৰী টেকনিচিয়ান, তিনিজন সামাজিক কৰ্মকৰ্তা আৰু চাৰিজন ব’ট চালকেৰে মুঠ ১৫জন লোক নিয়োজিত হৈ আছে। বৰ্তমানে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী (যোৰহাট), কামৰূপ (গ্ৰাম্য),  শোণিতপুৰ, লক্ষীমপুৰ, ধেমাজি, ধুবুৰী, বৰপেটা, নলবাৰী, মৰিগাঁও, গোৱালপাৰা আৰু বঙ্গাইগাঁও জিলাত এই নৌকা স্বাস্থ্য সেৱা চলি আছে।

 ধুবুৰী আৰু বৰপেটা জিলাৰ প্ৰতিখনতে দুটাকৈ ইউনিটে কাম কৰি থকাৰ বিপৰীতে বাকী এঘাৰখন জিলাত এটাকৈ ইউনিটে কাম কৰি আছে। এই ইউনিটসমূহে নদীকাষৰীয়া আৰু চৰ-চাপৰিৰ লোকসকলৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ লগতে শিশুৰ নিয়মীয়া টিকাকৰণ, গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা, সজাগতা সভা অনুষ্ঠিত কৰা আদি কাম কৰি আছে। আনহাতে সাম্প্ৰতিক কোৰোনা অতিমাৰীৰ সময়ত এই স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে কমিউনিটী  ছাৰ্ভিলেন্স প্ৰগ্ৰেম আৰু সজাগতা সভাৰ যোগেদি জনসাধাৰণৰ সেৱা আগবঢ়াই আহিছিল। যি সময়ত এই নৌকা স্বাস্থ্য সেৱাক এক মডেল হিচাপে গ্ৰহণ কৰি আমেৰিকা, জাৰ্মানী, জাপান, ফ্ৰান্স, স্পেইন আদি দেশে নিজ দেশত ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত অসমত নৌকা স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে প্ৰাপ্য পাৰিতোষিকৰ অভাৱত এই সেৱা বন্ধ কৰিবলগীয়া হৈছে। 

জানিব পৰা মতে খোদ মুখ্যমন্ত্ৰীৰ  সমষ্টিৰ মাজুলীতে এতিয়া বন্ধপ্ৰায় এই জৰুৰী সেৱা। ইয়াৰ ফলত মাজুলীৰ বাংকুৰমুখ, কাচিকটা, দকুট, বৰুৱাচুক, মিছামাৰী, চেলেঙীচুটি, শিকলি চাপৰি, ভকত চাপৰি, ভেকেলীমুখ আদি চৰ-চাপৰিৰ ৰাইজ বিপাঙত পৰিছে। মাজুলীৰ এই অঞ্চলৰ বাসিন্দাসকলে এই সেৱা পুনৰ বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক দাবী জনাইছে। আনহাতে বিগত চাৰি মাহে প্ৰাপ্য পাৰিতোষিকৰ পৰা বঞ্চিত নৌকা স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰাত শংকিত হৈ পৰিছে এইসকল কৰ্মচাৰী। এইসকল কৰ্মচাৰীয়ে এতিয়া এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

No comments