গণবার্তা, নুমলীগড়,৩০ নৱেম্বৰঃ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত চাহবাগিছা সমূহত দৈনিক বিচৰণ কৰে বন্যহস্তীয়ে ।বিশেষকৈ গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰী...
গণবার্তা, নুমলীগড়,৩০ নৱেম্বৰঃ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত চাহবাগিছা সমূহত দৈনিক বিচৰণ কৰে বন্যহস্তীয়ে ।বিশেষকৈ গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বিচৰণ কৰে বন্য হস্তীয়ে ।বিভিন্ন সময়ত কেইবাটাও হাতী চাহ বাগিচাৰ নলাত পৰি আঘাতপ্ৰাপ্ত হৈছে ।পিছে গা নলৰে চাহ বাগিচা সমূহৰ স্বত্বাধীকাৰীৰ ।যোৱা নিশাও খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্য হস্তীৰ জাকৰ মাজৰ এটি তিনি চাৰি বছৰীয়া হাতী পোৱালি ধলাগুৰি চাহ বাগিচা অঞ্চলৰ পৰ্যাবস্তিত এটা দ গাঁতত পৰি যায় ।প্ৰায় ২/৩ ঘণ্টাৰ পাছত স্থানীয় ৰাইজ আৰু বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলৰ তৎপৰতাত গাঁতৰ পৰা উদ্ধাৰ কৰে বন্যহস্তীৰ পোৱালীটো ।কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় হাতী পোৱালীটো । ইফালে একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই নিজৰ চাহ বাগিচাত বৃহৎ বৃহৎ দ খাল খান্দি বহু সময়ত বন্যপ্ৰাণী সমূহলৈ বিপদ মাতি আনিছে । এই বিষয়ত বহু প্ৰকৃতি প্ৰেমী সংগঠনে মাত মাতি আহিছে যদিও চৰকাৰ প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই ।অনাগত সময়ত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ।
No comments