Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৫ লাখ ভাৰতীয়ক নাগৰিকত্ব প্ৰদান কৰিব বাইেডেনঃ হোৱাইট হাউছ দখল কৰিয়েই নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বাইডেনৰ ঘোষণা

ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেন...

ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেন। পেনছিলভেনিয়াত ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰাৰ পিছতেই জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়। জো বাইডেন আমেৰিকাৰ ৰাজনৈতিক পথাৰখনত দীৰ্ঘদিনে জড়িত হৈ আছিল। কিন্তু ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ লাভ কৰা নাছিল জো বাইডেনে। কেইবাবাৰো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিল যদিও সময়ত সেইটো হ’বলৈ নাপায়গৈ। উল্লেখ্য যে জো বাইডেনে ৩৬ বছৰ ধৰি সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ উপৰি তেওঁ আঠ বছৰ ধৰি উপ-ৰাষ্ট্ৰপতি ৰূপে আছিল আমেৰিকাৰ। কিন্তু এইবাৰৰ নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰি তেওঁ ৪৬ সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়। 

কালি নিশাই তেওঁ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়। ড’নাল্ড ট্ৰাম্পতকৈ বহুকেইটা ইলেক্ট’ৰিয়েল কলেজ ভোট লাভ কৰি জো বাইডেন দেশখনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্ৰ্বাচিত হয়। ড’নাল্ড ট্ৰাম্পে ২১৪টা ইলেক্ট’ৰিয়েল কলেজ ভোট লাভ কৰাৰ বিপৰীতে জো বাইডেনে লাভ কৰে ২৯০টা। আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ প্ৰয়োজন হয় ২৭০টা ইলেক্ট’ৰিয়েল কলেজ ভোটৰ। এইক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পতকৈ জো বাইডেনে সৰ্বাধিক ইলেক্ট’ৰিয়েল কলেজ ভোট লাভ কৰে। এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক ভোটদান হয়। ১৯০০ চনৰ পিছত আমেৰিকাৰ ইতিহাসত ২০২০ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক ভোটদান হয়। কমেও ১০ কোটি পোষ্টেল বেলট পেপাৰৰ জৰিয়তে ভোটদান হয় এইবাৰৰ নিৰ্বাচনত। বাইডেনৰ পক্ষত বাতৰি লিখাৰ পৰলৈ ৭ কোটিতকৈও অধিক ভোটদান হয়। 

ইয়াৰ পূৰ্বে কোনো ৰাষ্ট্ৰপতিয়ে ইমান বৃহৎসংখ্যক ভোট লাভ কৰা নাছিল। জো বাইডেনে ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছত দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে আগন্তুক সময়ত ৫ লাখ ভাৰতীয়ক আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি এইচ-১ভি ভিছাৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰা হ’ব। কাৰ্যকালৰ প্ৰথম বৰ্ষত গণতন্ত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হ’ব। ভাৰত-মাৰ্কিন সম্পৰ্ক শক্তিশালী কৰা হ’ব। লগতে বাইডেনে টুইটাৰৰ জৰিয়তে উল্লেখ কৰে যে আমেৰিকাবাসীয়ে মোক মহান দেশৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰিছে। মোৰ বাবে এয়া সন্মানৰ বিষয়। মোক ভৰসা কৰি আমেৰিকাবাসীয়ে মোৰ পক্ষত ভোটদান কৰিছে। তেওঁলোকৰ হৈ কাম কৰি যাম বুলি প্ৰকাশ কৰে জো বাইডেনে।

 একেদৰে জো বাইডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে উপ-ৰাষ্ট্ৰপতি হ’বলৈ অগ্ৰসৰ হোৱা কমলা হেৰিছে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই নিৰ্বাচন মোৰ আৰু জো বাইডেনৰ বাবে বহু গুৰুত্বপূৰ্ণ আছিল। আমেৰিকাৰ আত্মা আৰু যুঁজ দিয়াৰ ইচ্ছাশক্তিৰ বাবে এই নিৰ্বাচন আছিল। এই ফলাফলৰ পিছতেই ড’নাল্ড ট্ৰাম্প ১৯৯০ৰ পিছত এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমজন ৰাষ্ট্ৰপতি হৈ পৰিছে। আনহাতে আমেৰিকাৰ বয়োজ্যেষ্ঠ ব্যক্তি ৰূপে জো বাইডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। জো বাইডেন আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতেই ডেমক্ৰেটিক সমৰ্থকসকলে আমেৰিকাৰ ৰাজপথলৈ ওলাই আহি আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয়। তাৰ বিপৰীতে ৰিপাব্লিকান সমৰ্থকসকল হতাশাত ভোগা পৰিলক্ষিত হয়। জো বাইডেন আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতেই তেওঁক বিশ্বৰ আন দেশসমূহৰ ৰাষ্ট্ৰৰ প্ৰমুখসকলে অভিনন্দন জনায়।

No comments