Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২২ নৱেম্বৰত ইছমাইল হোছেইন (জ্যেষ্ঠ)ৰ নৱম মৃত্যু বাৰ্ষিকী

গুৱাহাটী, ২০ নৱেম্বৰ :  বহুমুখী প্ৰতিভাসম্পন্ন সাহিত্যিক ইছমাইল হোছেইন (জ্যেষ্ঠ) অসমীয়া সাহিত্যৰ এটি চিনাকি নাম। তেৱেঁই অনুজক হাতত ধৰি আগুৱা...



গুৱাহাটী, ২০ নৱেম্বৰ :  বহুমুখী প্ৰতিভাসম্পন্ন সাহিত্যিক ইছমাইল হোছেইন (জ্যেষ্ঠ) অসমীয়া সাহিত্যৰ এটি চিনাকি নাম। তেৱেঁই অনুজক হাতত ধৰি আগুৱাই লৈ গৈছিল সাহিত্য-সাংবাদিকতাৰ জগতখনলৈ। মানুহক ভাল পাবলৈ শিকাইছিল তেওঁ। অগ্ৰজ অসমীয়া আৰু বংগমূলীয় অসমীয়াৰ মাজত তেওঁ আছিল সমন্বয়ৰ সাঁকো। চিন্তামূলক আৰু মৌলিক লেখনিৰে সাহিত্য জগতত নিজৰ চিনাকি চাপ এৰি থৈ যাবলৈ সক্ষম হৈছে এইগৰাকী স্বনামধন্য সাহিত্যিক। ‘নীলাচল’, ‘আজান’, ‘জনজীৱন’, ‘আমাৰ প্ৰতিনিধি’, ‘জ্যোতিষ্মান’ আদিকে ধৰি অসমৰ সংবাদ জগতৰ প্ৰায়বোৰ কাকতত মননশীল লেখাৰে নিজকে লেখক হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। তেওঁ সম্পাদনা কৰা চৰ-চাপৰিৰ জীৱন-চৰ্যা অসমৰ চৰ-চাপৰিবাসীৰ জীৱনধাৰাৰ হুবহু প্ৰতিচ্ছবি বুলি ক’ব পাৰি।

 প্ৰবন্ধ সাহিত্যৰ উপৰি হোছেইনে গল্প, শিশু উপন্যাস, অগতানুগতিক জীৱনী গ্ৰন্থ, বংগীয় মূলৰ মুছলমান সমাজৰ এক প্ৰামাণ্য দলিল হিচাপে এৰি থৈ গৈছে। অসম সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত থাকি পিছলৈ নতুন সাহিত্য পৰিষদৰ লগত অঙ্গাংগীভাৱে জড়িত হৈ পৰে। নতুন সাহিত্য পৰিষদৰ উপৰি চৰ-চাপৰি সাহিত্য পৰিষদৰ উপদেষ্টা ৰূপে বৰপেটা, কামৰূপ, গোৱালপাৰা জিলাৰ চৰ-চাপৰিত অক্লান্ত পৰিশ্ৰম কৰিছিল। ৰঙালী বিহু, জ্যোতি-ৰাভা দিৱস, নজৰুল, ৰবীন্দ্ৰ জয়ন্তী আদি সাংস্কৃতিক উৎসৱৰ লগত চৰ-চাপৰিবাসীৰ মাজত অগ্ৰণী হিচাপে ভূমিকা পালন কৰিছে। বৰেণ্য সাহিত্যিকগৰাকীয়ে অন্যায়ৰ সৈতে কেতিয়াও আপোচ কৰা নাছিল। 

অসম আৰু অসমীয়াৰ স্বাৰ্থত ছাত্ৰ অৱস্থাৰ পৰাই সমৰ্থন আগবঢ়াই আহিছিল। ছাত্ৰ অৱস্থাত তেল শোধনাগাৰ আন্দোলনৰ লগত জড়িত হৈ পৰা সাহিত্যিকগৰাকীয়ে মুছলমান সমাজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল আৰু যুৱ প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হিচাপে ভূমিকা পালন কৰিছিল। আজি এচাম ক্ষমতালোভী ৰাজনৈতিক নেতাই বংগীয় মূলৰ অসমীয়াসকলৰ বৃহত্তৰ অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানক অস্বীকাৰ কৰি তেওঁলোকক অসমীয়া জাতিৰ মূল শত্ৰু বুলি চিনাক্ত কৰি অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থকাৰ সময়ত তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতা আমি অস্বীকাৰ কৰিব নোৱাৰো। চৰ-চাপৰি সাহিত্য পৰিষদে বিগত আঠ বছৰে ইছমাইল হোছেইন (জ্যেষ্ঠ)ৰ স্মৃতিত প্ৰদান কৰি আহিছে ‘ইছমাইল হোছেইন সোঁৱৰণী সম্প্ৰীতি সন্মান’।

 এতিয়ালৈকে প্ৰখ্যাত সাংবাদিক, হিন্দী লেখক লজ্জাশৰণ হাৰ্ডেনিয়া, ডঃ হীৰেন গোহাঁই, শশী শৰ্মা, হোমেন বৰগোহাঞি আৰু অধ্যাপক মনিৰুল হোছেইন, সাংবাদিক  অজিত ভূঞা আৰু অধ্যাপক আব্দুল মান্নানক এই সন্মান প্ৰদান কৰি আহিছে। অহা ২২ নৱেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদৰ মন্দিয়া আঞ্চলিকৰ সৌজন্যত নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ড্ৰিমলেণ্ড একাডেমীত এখনি সোঁৱৰণী সভা অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানৰ কবি সন্মিলন সঞ্চালনা কৰিব কবি ডঃ ৰেহনা চুলতানাই। মুকলি সভাত অতিথি হিচাবে উপস্থিত থাকিব চিন্তাবিদ ডাঃ ছৈয়দ আহমদ জাদিদ, কবি খবিৰ আহমেদ, সুলেখক দ্বিজেন বৰ্মন, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক তপন কুমাৰ কলিতা, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু চৰ-চাপৰি সাহিত্য পৰিষদৰ ৰাজ্যিক আৰু জিলা সমিতিৰ কৰ্মকৰ্তাসকল। 

এই সভাতে  পৰিষদৰ মুখপত্ৰ ‘ফচল’ নতুন ৰূপত উন্মোচন কৰা হ’ব। সকলোকে এই সোঁৱৰণী সভাখন সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে। উল্লেখ্য যে গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক হিচাপে কিছুদিন সেৱা আগবঢ়োৱা সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে ‘দৈনিক গণ অধিকাৰ’ কাকতৰ পৰিয়ালৰ হৈ অন্যতম সঞ্চালক ছাহজাহান তালুকদাৰে। 

No comments