গণ বাৰ্তা, চাবুৱা, ৩ নবেম্বৰঃ ৰাজ্যৰ লগতে সমগ্ৰ দেশ কঁপাই যোৱা তিনিচুকীয়াৰ বাঘজানৰ জুই নোমোৱাবলৈ অব্যাহত আছে অহৰহ প্ৰচেষ্টা। অদ্যাপি জুই ন...
গণ বাৰ্তা, চাবুৱা, ৩ নবেম্বৰঃ ৰাজ্যৰ লগতে সমগ্ৰ দেশ কঁপাই যোৱা তিনিচুকীয়াৰ বাঘজানৰ জুই নোমোৱাবলৈ অব্যাহত আছে অহৰহ প্ৰচেষ্টা। অদ্যাপি জুই নুমুৱাবলৈ সক্ষম নোহোৱা অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিও সফলতা অৰ্জন কৰা নাই। বৰ্তমানো অপৰিৱৰ্তিতভাৱে জ্বলি থকা অভিশপ্ত বাঘজানৰ জুইয়ে এশ দিনতকৈও অধিক কাল অতিক্ৰম কৰিলে। বিদেশী বিশেষজ্ঞ দলেও অহৰহভাৱে জ্বলি থকা বাঘজানৰ জুইয়ে নিৰ্বাপনত অসমৰ্থ হোৱাৰ পিছত এই জুই নিৰ্বাপনৰ বাবে শেহতীয়াকৈ সুদূৰ কানাডাৰ পৰা অনা এটা বৃহদাকৃতিৰ যন্ত্ৰ ৰাজ্যত উপস্থিত হৈছে। কানাডাৰ পৰা কলিকতাত অৱতৰণ কৰোৱা বৃহদাকৃতিৰ এই যন্ত্ৰ ৰাজপথেৰে অতিক্ৰমি আজি চাবুৱাত উপস্থিত হয়। আৰিয়াণ্ট কাৰ্গ’ কেৰিয়াচ প্ৰাইভেট লিমিটেডে উক্ত মেচিনটো বিশেষ গাড়ীৰে আনি চাবুৱাৰ এটা খাৰুৱা তেলৰ স্থানত ৰখাই অন্যান্য যন্ত্ৰ সংযোগ কৰি চাবুৱাৰ পৰা ৰাজপথেৰে বাঘজানলৈ লৈ যোৱা হ'ব বুলি কোম্পানীটোৰ কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। উল্লেখ্য যে কলিকতাৰ পৰা বাঘজানলৈ ১৪-দিনৰ ভিতৰত পোৱাৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও যুদ্ধকালীন প্ৰক্ৰিয়াৰে কোম্পানীটোৱে মাত্ৰ ৭ দিনত যন্ত্ৰটো চাবুৱালৈকে আনিবলৈ সক্ষম হয়। বুধবাৰে যন্ত্ৰটো ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছেৰে বাঘজানত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। আনহাতে যন্ত্ৰটো অনাৰ ক্ষেত্ৰত পথচোৱাত দূৰ্গা পূজা আৰু বিহাৰৰ নিৰ্বাচনৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছিল যদিও বিভিন্ন ৰাজ্যৰ প্ৰশাসনে সহায়ৰ হাত আগবঢ়োৱাত ১৪ দিনৰ পৰিৱৰ্তে ৭ দিনতে চাবুৱাত উপস্থিত হবলৈ সক্ষম হল বুলি কোম্পানীটোৱে উল্লেখ কৰিছে।
No comments