Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংগঠনিক ভেটি মজবুত কৰি আগবাঢ়িছে ৰাইজৰ দল আজি যোৰহাট জিলাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন

  ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২২ নৱেম্বৰঃ "সাম্প্ৰদায়িক ফেচিবদী শক্তিৰ লগতে সকলো ৰাষ্ট্ৰীয় দলক একাষৰীয়া কৰি অসমক প্ৰকৃত জাতীয়তাবাদী আঞ্চলিক ...

 


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২২ নৱেম্বৰঃ "সাম্প্ৰদায়িক ফেচিবদী শক্তিৰ লগতে সকলো ৰাষ্ট্ৰীয় দলক একাষৰীয়া কৰি অসমক প্ৰকৃত জাতীয়তাবাদী আঞ্চলিক শক্তিয়েহে উন্নয়ন আৰু প্ৰগতিৰ দিশত আগুৱাই নিব পাৰিব । দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ নিঃশেষ কৰি প্ৰতাৰণা প্ৰৱঞ্চনাৰ ইতিহাসক দূৰলৈ ঠেলি কেৱল ৰাইজৰ দলেহে অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিব ।" এই মন্তব্য কৰে নৱ প্ৰতিষ্ঠিত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক দিব্যজ্যোতি শৰ্মাই । আজি যোৰহাট জিলাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচনীত উপস্থিত থাকি শৰ্মাই অনাগত দিনটো যদি অখিল গগৈক জেলত ৰাখি অসমীয়া জাতিক বাংলাদেশৰ ওচৰত বিক্ৰী কৰাৰ কথা ভাবিছে তেন্তে এই কাম অসমীয়া জাতিয়ে প্ৰতিহত কৰিবই। আজি কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট ব্যক্তি যোৰহাট নগৰৰ ১ নং ৱাৰ্ড উন্নয়ন সমিতিৰ সভাপতি গণেশ হাজৰিকাই। হাজৰিকাই এগছি বন্তি প্ৰজ্বলন কৰি ৰঙা ফিটা কাটি দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত কয় যে "জীৱনৰ দীৰ্ঘ সময় অতিবাহিত কৰিলোঁ যদিও আজিলৈকে কোনো ৰাজনৈতিক দলত যোগ দিয়া নাই কিন্তু ৰাইজৰ দলৰ প্ৰতি থকা আস্থাই এই দলৰ মজিয়ালৈ টানি আনিছে ।" হাজৰিকাই নিজে সক্ৰিয়তাৰে অনাগত দিনত ৰাইজৰ মাজত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। উন্মোচনী সভাখনত শতাধিক ৰাইজৰ লগতে ৰাজ্যিক আহ্বায়ক লক্ষণ চাওৰা, জিলা আহ্বায়ক সূৰ্য মোহন দাস, দিলীপ কুমাৰ বৰদলৈ, ডা° গোলাপ ডেকা, কেশৰাম চেতিয়া, মহেন্দ্ৰ খনিকৰ, পাপৰি গগৈ তিতাবৰ বিধানসভা সমষ্টিৰ সভাপতি প্ৰদীপ গগৈ, সম্পাদক প্ৰমোদ গগৈ, টিয়কৰ সভাপতি অধিবক্তা দিলীপ কুমাৰ শইকীয়া, সম্পাদক মৃদুল বৰা, যোৰহাট সমষ্টিৰ মুখ্য আহ্বায়ক ত্ৰিদিৱ দত্ত, প্ৰশান্ত ৰাজখোৱা যুৱ মৰ্চাৰ আহ্বায়ক অভিজিত শইকীয়া, লক্ষ্য দত্ত আদি উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে আনুষ্ঠানিকভাবে দলত যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা, প্ৰাক্তন বেংক ইউনিয়নৰ সৰ্বভাৰতীয় নেতা সমাজকৰ্মী প্ৰদীপ ভূঞা, সমাজকৰ্মী গণেশ হাজৰিকা, ৰাজীৱ হাজৰিকা, গুৱাহাটীৰ যুৱক বৰিশ গগৈয়ে । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ আহ্বায়ক সমিতিৰ সভাত অহা ৬ ডিচেম্বৰত জিলা অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

No comments