গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৭ নবেম্বৰ : মৃত্যুদূতে যেন মানুহক খেদি ফুৰিছে। ৰাজ্যখনত সম্প্ৰতি কৰোণাত আক্ৰান্ত হৈ যিমান মানুহৰ মৃত্যু হৈছে তাত...
গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৭ নবেম্বৰ : মৃত্যুদূতে যেন মানুহক খেদি ফুৰিছে। ৰাজ্যখনত সম্প্ৰতি কৰোণাত আক্ৰান্ত হৈ যিমান মানুহৰ মৃত্যু হৈছে তাতকৈ কোনো গুণে কম নহয় পথ দুৰ্ঘটনাত মৃত্যুহোৱা লোকৰ সংখ্যা। বৃহস্পতি বাৰে ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাত ৬ ব্যক্তিৰ মৃত্যু হোৱাৰ পিছতে একেদিনাই শেষ নিশা সংঘটিত হোৱা অন্য এক দুৰ্ঘটনাই কঁপাই তুলিছে সমগ্ৰ ডিব্ৰুগড়। পুনৰ
পথ দুৰ্ঘটনাতেই লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতোপন নেওগৰ মৃত্যু হয় ।জানিব পৰা মতে বৃহস্পতি বাৰে ৰাতি প্ৰায় ২.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ আত্মীয়ক ৰক্ত দান কৰি বাইক লৈ ওলাই আহোতেই মাজনিশা দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতোপন নেওগে। সমগ্ৰ অঞ্চল শোকত ম্ৰিয়মান হৈ পৰিছে।
( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। )
No comments