ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ ঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত কৰি প্ৰায় ১১ মাহ ধৰি অখিল গগৈক কাৰাৰুদ্ধ কৰি কণ্ঠৰুদ্ধ কৰাৰ চেষ্টাৰ বিৰ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৯ নৱেম্বৰ ঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত কৰি প্ৰায় ১১ মাহ ধৰি অখিল গগৈক কাৰাৰুদ্ধ কৰি কণ্ঠৰুদ্ধ কৰাৰ চেষ্টাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য সৰৱ হৈ উঠাৰ সময়তে ‘নিয়া’ই ন্যায়পালিকাৰ ব্যৱস্থাৰ সুযোগ তুলি তাৰিখৰ পিছত তাৰিখ দি অখিলৰ জামিন বিলম্ব কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। উল্লেখ্য যে ‘নিয়া’ৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতে আদালতৰ ৰায়ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ উচ্চ আদালতৰ দ্বাৰস্থ হৈছিল। ইতিমধ্যে কে’বাটাও গোচৰত উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ কৰিছে যদিও ১৩য২০১৯ নম্বৰৰ গোচৰটোৰ জামিনৰ বাবে এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অব্যাহত আছে। আজি থকা শুনানিও অৰ্ধসমাপ্ত হৈ ৰ’ল উচ্চ ন্যায়ালয়ত। নিয়াৰ অধিবক্তাই অতিৰিক্ত সময় বিচৰাৰ বাবেই অখিল গগৈৰ জামিন আবেদনৰ শুনানি আজিও অৰ্ধসমাপ্ত হৈ ৰয়।
আজি অখিল গগৈৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হুজেফা এহমদীয়ে অনলাইন যোগে ওকালতি আগবঢ়াই অখিল গগৈৰ জামিন বিচাৰে যদিও ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ নিয়াৰ অধিবক্তাই বক্তব্য ৰখাৰ বাবে আন এটা শুনানিৰ বাবে ন্যায়াধীশৰ ওচৰত আবেদন জনায়। ইয়াৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰানাৰ খণ্ড বিচাৰপীঠে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অহা ৮ ডিচেম্বৰত পৰৱৰ্তী শুনানি হ’ব। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে আজি অখিল গগৈৰ জামিন আবেদনৰ প্ৰাৰ্থনা জনাই ভেŒটইৰ কথাৰে বক্তব্য সমাপ্ত কৰে।
সংবিধানপ্ৰদত্ত বাক্-স্বাধীনতাৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে কয় যে ‘কা’ বিতৰ্কৰ বিষয় হ’ব পাৰে। কোনোৱে সমৰ্থন কৰিব পাৰে, কোনোৱে বিৰোধিতা কৰিব পাৰে। কোনো এজন ব্যক্তিবিশেষ চিন্তাধাৰাৰে পৰিচালিত হ’ব পাৰে। আন কোনোবা আকৌ অন্য চিন্তাধাৰাৰ বিশ্বাসী হ’ব পাৰে। তাৰ কাৰণেই কাৰোবাক দীৰ্ঘদিনে জে’লত ভৰাই থোৱাটো সংবিধানৰ পৰিপন্থী। এতিয়া পৰৱৰ্তী শুনানিতহে নিশ্চিত হ’ব অখিল গগৈ কেতিয়ালৈ মুকলি আকাশৰ তললৈ আহিব।
No comments