শুভাশীষ শৰ্মা, যোৰহাট ২৩ নৱেম্বৰ : অৱশেষত সেই বেয়া খবৰটো আহিল । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমাৰ পৰা বিদায় ললে । ৮৬ বছৰৰ বয়সত বিগত প্ৰায়...
শুভাশীষ শৰ্মা, যোৰহাট ২৩ নৱেম্বৰ : অৱশেষত সেই বেয়া খবৰটো আহিল । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমাৰ পৰা বিদায় ললে । ৮৬ বছৰৰ বয়সত বিগত প্ৰায় তিনি মাহ ধৰি মৃত্যুৰ সৈতে যুঁজি আজি নিয়তিৰ ওচৰত সাৰ মানিলে অসমৰ ৰাইজৰ মন জয় কৰা, অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈয়ে । তেওঁৰ সুস্থ হৈ উঠিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছিল পূজা অৰ্চনা নাম সবাহ কৰা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে তিনিবাৰ কৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা জন নেতা তৰুণ গগৈয়ে । দল সংগঠন নিৰ্বিবেশে প্ৰতিজন ৰাজ্যবাসীয়ে নেদেখা জনৰ ওচৰত ককুতি কৰিছিল ।একেৰাহে তিনিবাৰকৈ মূখ্যমন্ত্ৰী হৈ ৰাজ্যখনক এক নতুন দিগন্তৰ দিশত লৈ যোৱা প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ মৃত্যুৰ বাতৰিয়ে সকলোকে কন্দুৱালে | বিভিন্ন জন ব্যক্তি অনুস্থান আজি শোকত ভাগি পৰা দেখা গৈছিল | এই অমংগলীয় বাতৰিয়ে এক শোকৰ পৰিবেশ বিৰাজ কৰিছে যোৰহাটতটো । উল্লেখ্য যে প্ৰাক্তন মূখ্যমন্ত্ৰী জনে আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ গ্ৰহন কৰিছিল ২৬ নং ৰঙাজান প্ৰাথমিক বিদ্যালয়ত | এই বিদ্যালয় খনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ চকুত চকুপানীয়ে সেমেকি আছিল দিনৰ ভাগত | বিদ্যালয় খনৰ লগত প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ আছিল এক নিবিড় সম্পৰ্ক | ১৯৪৪ চনতে শিক্ষা গ্ৰহন কৰা বিদ্যালয় খনত আজিও তৰুন গগৈৰ নাম থকা নামভৰ্ত্তিৰ বহী খন অতি সজতনে ৰখা হৈছে| বহী খনত ১৮৫ নম্বৰত থকা তৰুন কুমাৰ গগৈৰ নামটো সাংবাদিকক দেখুৱাই উচুপি উঠিল শিক্ষক শিক্ষয়িত্ৰী সকল| যদিও গগৈ ডাঙৰীয়াক শিক্ষা দান কৰা শিক্ষক শিক্ষয়িত্ৰী আজি বিদ্যালয় খনত নাই তথাপিও বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী সকলে এই নামটো লৈ সদায়ে গৌৰৱ অনুভৱ কৰি আহিছে| সেয়ে তৰুন কুমাৰ গগৈৰ নাম থকা বহী খন বুকুত সাৱটি উচুপি উঠিল শিক্ষক শিক্ষয়িত্ৰী সকল| ১৯৩৬ চনৰ ১১ অক্টোবৰত তিতাবৰ ৰঙামাটিৰ ৰঙাজান চাহ বাগিছাত জন্ম গ্ৰহন কৰা তৰুন গগৈক অঞ্চলবাসীয়ে জানে "পোনাকন" বুলিয়েই| ৰঙাজানৰ পৰা দিল্লী আৰু তাৰ পিছতে দিশপুৰলৈ এক বৰ্ণিল যাত্ৰাৰ সাক্ষী যোৰহাটবাসী| ৰঙাজান প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পিতৃৰ চাকৰি সুত্ৰে যোৰহাটলৈ বদলী হোৱাৰ বাবে তৰুণ গগৈ যোৰহাট টাউন মাদ্ৰাচা এম ই স্কুলত নামভৰ্ত্তি কৰে| পুনৰ একেই কাৰণতে গোলাঘাটৰ বাদুলীপাৰাৰ সমীপৰ ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্ত্তি কৰে আৰু ইয়াৰ পৰাই সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীন্ন হয়| ইয়াৰ পিছতেই যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহন কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এল এল বি ডিগ্ৰী লাভ কৰে| যোৰহাট বাৰ লাইব্ৰেৰীত এজন অধিবক্তা হিচাপে নিজৰ কৰ্মময় জীৱন আৰম্ভ কৰা প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ স্মৃতি বিজড়িত আটাইকেইটা শিক্ষানুস্থানত আজি দেখা পোৱা গ'ল এক শোকাকুল পৰিবেশৰ| সকলোৱে মাথো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে মৰমৰ নেতাজনৰ আত্মাই চিৰশান্তি লাভ কৰক । পেচাত অধিবক্তা হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰিলেও ৰাজনীতিৰ প্ৰতি থকা ধাউতিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি পোন প্ৰথম বাৰৰ বাবে ১৯৬৮ চনত যোৰহাট পৌৰ সভাৰ বাবে পৌৰসদস্য হিচাপে নিৰ্বাচিত হয়| ৰাজনৈতিক দক্ষতাৰ বাবে ১৯৭১ চনত প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়| ৬ টা কাৰ্য্যকালৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক পৰিক্ৰমাত যোৰহাট আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল| ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাট লোকসভা সমষ্টি আৰু ১৯৯১ ৰ পৰা ২০০১ চনলৈকে কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল তৰুন গগৈ দেৱে| ১৯৭২ চনত ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা তৰুন গগৈ দেৱে ২০০১ চনৰ ১৮ মে' ত প্ৰথম বাৰৰ বাবে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু ক্ৰমাগত ভাৱে ২০১৬ চনলৈকে ৰাজ্যৰ মূখ্যমন্ত্ৰী হৈ থাকি ইতিহাস ৰচিবলৈ সক্ষম হয়| যোৰহাটৰ প্ৰতিজন ব্যক্তিৰ বাবে অতি মৰমৰ তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুৰ খবৰে প্ৰতিজনৰে চকু সেমেকি উঠে | নাজিৰ আলি বাৰীস্থিত গগৈ দেৱৰ নিজা বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
Shri Tarun Gogoi was a true Congress leader. He devoted his life to bringing all the people and communities of Assam together.
— Rahul Gandhi (@RahulGandhi) November 23, 2020
For me, he was a great and wise teacher. I loved and respected him deeply.
I will miss him. My love and condolences to Gaurav & the family. pic.twitter.com/jTMfSyAJ6J
Shri Tarun Gogoi Ji was a popular leader and a veteran administrator, who had years of political experience in Assam as well as the Centre. Anguished by his passing away. My thoughts are with his family and supporters in this hour of sadness. Om Shanti. pic.twitter.com/H6F6RGYyT4
— Narendra Modi (@narendramodi) November 23, 2020
I express heartfelt condolences on the demise of former Chief Minister, a tall leader & our most respected Tarun Gogoi da. It's the end of an era in Assam's public life. He was so vibrant and full of life until a few days back, couldn't believe this sad news. pic.twitter.com/GFiAsmc4FB
— Sarbananda Sonowal (@sarbanandsonwal) November 23, 2020
We lost our guardian. People's leader @tarun_gogoi , former Chief Minister of Assam is no more. pic.twitter.com/hwURhdj9Fz
— Abdul Khaleque (@MPAbdulKhaleque) November 23, 2020
যুজি যুজি অৱশেষত তৰুণ গগৈৰ চিৰ বিদায়।
— Shahjahan Talukdar (@ShahjahanAssam) November 23, 2020
তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। #RIP @Tarun_Gogoi | #Goodbye #BelovedLeader | #Homage | #Assam pic.twitter.com/aiObjROlrv
No comments