Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লকডাউনৰ পিছত অক্টোবৰ মাহত দুচকীয়াৰ পৰা চাৰিচকীয়া বাহনৰ বিক্ৰী বৃদ্ধি

নতুন দিল্লী, ৩ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পিছত অভাৱনীয় হাৰত দেশত বাহনৰ বিক্ৰী হ্ৰা...

নতুন দিল্লী, ৩ নৱেম্বৰ ঃ কোৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পিছত অভাৱনীয় হাৰত দেশত বাহনৰ বিক্ৰী হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল। লকডাউন শিথিল কৰাৰ পিছতো বাহনৰ বিক্ৰী পূৰ্বতে যি হাৰত হৈছিল সেই অনুপাতে হোৱা নাছিল চলিত বৰ্ষত। অট’মোবাইল ছেক্টৰত অভাৱনীয় আৰ্থিক সংকটে দেখা দিছিল লকডাউনৰ পিছত। কিন্তু উৎসৱৰ বতৰত অট’মোবাইল ছেক্টৰত এক আশাৰ ৰেঙনি দেখা পোৱা গৈছে। অক্টোবৰ মাহত অভাৱনীয় হাৰত বাহনৰ বিক্ৰী বৃদ্ধি পাইছে। দেশৰ প্ৰমুখ বাহন নিৰ্মাতা কোম্পানী মাৰুতি ছুজুকি আৰু হোণ্ডাই মটৰ্ছৰ বাহনৰ বিক্ৰী বৃদ্ধি হৈছে অক্টোবৰ মাহত। 

অক্টোবৰ মাহত মাৰুতি ছুজুকিয়ে ১,৭২,৮৬২খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। ২০১৯ৰ অক্টোবৰত ইয়াৰ সংখ্যা আছিল ১,৪৪,২৭৭খন। ২০২০ৰ অক্টোবৰত মাৰুতি ছুজুকিৰ বিক্ৰী ১৯.৮ শতাংশ বৃদ্ধি পাইছে। একেদৰে বিগত বৰ্ষৰ তুলনাত হোণ্ডাই মটৰ্ছৰ বাহনৰ বিক্ৰী ১৩.২ শতাংশ বৃদ্ধি পাইছে অক্টোবৰ মাহত। চলিত বৰ্ষৰ অক্টোবৰত হোণ্ডাই মটৰ্ছে ৫৬,৬০৫ খন গাড়ী বিক্ৰী কৰিছে। বিগত বৰ্ষৰ অক্টোবৰত ইয়াৰ সংখ্যা আছিল ৫০,০১০খন। ইয়াৰ দ্বাৰা এই কথা প্ৰতিপন্ন হৈছে যে অট’মোবাইল ছেক্টৰত পুনৰায় স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। লকডাউনৰ সময়ছোৱাত এই ছেক্টৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। যাৰ বাবে গাড়ী নিৰ্মাতা কোম্পানীৰ বহু শাখা বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। 

No comments