Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কয়াকুছিত মাছৰ প্ৰতিষ্ঠা দিৱসঃ সাহিত্য-সাংবাদিকতা বিষয়ক আলোচনা-চক্ৰ

সমাজেই সাহিত্য সৃষ্টিৰ উৎস আৰু কাৰক :  বিকাশ শৰ্মা   বৰপেটা, ১ নৱেম্বৰ :  সাম্প্ৰতিক কালত অসমত মুক্ত সাংবাদিকতাৰ পৰিৱেশ বৰ উৎসাহজনক নহয় যদিও...

সমাজেই সাহিত্য সৃষ্টিৰ উৎস আৰু কাৰক :  বিকাশ শৰ্মা  


বৰপেটা, ১ নৱেম্বৰ :  সাম্প্ৰতিক কালত অসমত মুক্ত সাংবাদিকতাৰ পৰিৱেশ বৰ উৎসাহজনক নহয় যদিও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই কথা সম্পূৰ্ণ সুকীয়া। আজি কয়াকুছিত আয়োজিত ‘সমাজ সংস্কাৰত সাহিত্য আৰু মুক্ত সাংবাদিকতাৰ ভূমিকা’ শীৰ্ষক এখন আলোচনা-চক্ৰ উদ্ধোধন কৰি দিয়া ভাষণত বৰপেটাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সাহিত্য আৰু সাংবাদিকতা উভয়ৰে সমাজত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আৰু প্ৰভাৱ আছে যদিও উভয়ে সমাজৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। প্ৰাক্তন সাংবাদিক তথা লেখক শৰ্মাৰ মতে সাহিত্যই সমাজ সৃষ্টি নকৰে, কিন্তু সমাজেই সাহিত্যৰ উৎস আৰু কাৰক।  

মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ (মাছ) বৰপেটা জিলা সমিতিৰ  ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সঙ্গতি ৰক্ষা কৰি কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আলোচনা-চক্ৰখনৰ সঞ্চালনা কৰে সাহিত্যিক ড০ ভৱেশ পাটগিৰিয়ে। সাংবাদিক গোপেশ দাস আৰু চানমামুদে আহমেদে আলোচক হিচাপে অংশ লোৱা সভাত অধ্যাপকদ্বয় দেৱান নজৰুল কাদিৰ আৰু আব্দুছ ছাত্তাৰ চৌধুৰীয়েও ভাষণ দিয়ে। মাছৰ বৰপেটা জিলা সমিতিৰ সচিব ছাহেদ আলী আহমেদে আঁতধৰা অনুষ্ঠানটোত কেইবাগৰাকী সাংবাদিক, কৃতী ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী আৰু সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয়। লগতে সাহিত্যিক আবুল হুছেইনৰ দ্বাৰা ৰচিত আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত চাৰিখন গ্ৰন্থ আৰু কোৰবান আলী চৌধুৰীৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়।

 দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহানৰ তালুকদাৰে গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰে। কয়াকুছি প্ৰেছ গিল্ডৰ সম্পাদক ছাহেদ আলী আহমেদে জনোৱা মতে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত কাইলৈ মাছৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰিব।

No comments