বিশিষ্ট বুদ্ধিজীবী হাইদৰ হুছেইন গুৱাহাটী, ২৮ নৱেম্বৰ : অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিত বসবাস কৰা লোকসকলৰ বসতি কৰা ইতিহাস একেই নহয়। আনকি ...
গুৱাহাটী, ২৮ নৱেম্বৰ : অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিত বসবাস কৰা লোকসকলৰ বসতি কৰা ইতিহাস একেই নহয়। আনকি বসতি স্থানো একে প্ৰকৃতিৰ নহয়। এনেস্থলত ভাষা-সংস্কৃতিৰ ভিন্নতা থকাটো স্বাভাৱিক। এই ভিন্নতা থকা সত্ত্বেও সকেলাৰে এটাই পৰিচয়—‘অসমীয়া’। এইটো এনে এটা যুগসন্ধি যে ইয়াত সম্বন্বিত প্ৰচেষ্টাৰহে প্ৰয়োজন। কিন্তু যোৱা তিনিটা দশক ধৰি অসমত সামাজিক, ৰাজনৈতিক পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। এনেহেন সময়ত অসমৰ অসমীয়া সমাজখনক বহুধা-বিভক্ত হৈছে। এনে বিভাজনে অসমীয়া জনজীৱনৰ বৃহৎ অংশ আগুৰি থকা অসমৰ বৃহত্তৰ সমাজক কোনোপধ্যেই উন্নতিৰ মুখ দেখুৱাব নোৱাৰে। বিভাজন আৰু অনগ্ৰসৰতা অসমীয়া সমাজৰ সামাজিক অনগ্ৰসৰতা হিচাপে বিবেচিত হ’ব। সম বিকাশ অবিহনে অসমৰ বৃহত্তৰ অসমীয়া সমাজৰ পুনঃবিকাশ অসম্ভৱ। বৃহত্তৰ অসমীয়া সমাজৰ স্বাৰ্থত এইবাৰ বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ বৌদ্ধিক সমাজ একত্ৰিত হৈ একেটা ছাতিৰ তলতেই থাকি সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত যঁুজ দিয়াৰ সংকল্প লৈছে।
বিভাজন নীতিক পৰিহাৰ কৰি বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ সকলোৰে সম-অধিকাৰ আৰু সম-উন্নয়নৰ ক্ষেত্ৰত মাত মাতি যোৱাৰ বাবে আজি গুৱাহাটীত অনুষ্ঠিত হয় বৃহত্তৰ অসমীয়া সমাজৰ এক গুৰুত্বপূৰ্ণ বৈঠক। গুৱাহাটীৰ এন ই এফ ল কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ বৌদ্ধিক সমাজৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিভাজন নীতিক পৰিহাৰ কৰি একেটা ছাতিৰ তলতেই থাকি বৃহত্তৰ অসমীয়া সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ পোষকতা কৰে। প্ৰাক্তন উপায়ুক্ত মেহতাবউদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া সমাজৰ উন্নয়নৰ বাবে আছাম চিভিল ছ’চাইটী নামেৰে এখন মঞ্চ গঠন কৰা হয়। লগতে এখন আহবায়ক কমিটী গঠন কৰা হয়। অৱসৰপ্ৰাপ্ত উপায়ুক্ত আফছৰ হাজৰিকাক মুখ্য আহবায়কৰ দায়িত্ব প্ৰদান কৰাৰ লগতে জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইন, ছাহজাহান তালুকদাৰ আৰু জ্যেষ্ঠ অধিবক্তা এ এছ তাপাদাৰক যুটীয়া আহবায়ক হিচাপে নিৰ্বাচিত কৰা হয়।
একেদৰে বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, অধ্যাপক আব্দুল মান্নান, ড০ টি আৰ বৰবৰা, ড০ চৈয়দ ইফতিকাৰ আহমেদ, চৌকত লতিফ, আব্দুল ৱাৰিফ চৌধুৰী, জান মহম্মদ তালুকদাৰ, এ এইচ খন্দকাৰ, আব্দুল ৰাহি শ্বেখ, ড০ ৰেজাউল কৰিম, ড০ জাকিৰ হুছেইন, এএন নজমুল ইছলাম লস্কৰ, মুছাদ্দাৰ হুছেইন, শ্বেহনাজ ৰহমান, এন আই লস্কৰ, মেহতাবউদ্দিন আহমেদ, মেহ্দি আলম বৰা আৰু চৈয়দ আবু নাছিৰ আহমেদক আছাম চিভিল ছ’ছাইটীৰ আহবায়ক কমিটীৰ সদস্য হিচাপে দায়িত্ব প্ৰদান কৰা হয়। বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ বৃহত্তৰ সমাজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আছাম চিভিল ছ’চাইটীয়ে সবলভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে প্ৰতিটো ক্ষেত্ৰতে বিশেষকৈ স্বাস্থ্য খণ্ড আৰু সকলোকে শিক্ষাৰ পোহৰেৰে উজলাই তুলিবলৈ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব।
সভাত ভাষণ প্ৰদান কৰা বিশিষ্ট বক্তা সকলৰ ছবি :

অসম ইমদাদীয়াৰ সম্পাদক ডাঃ ছৈয়দ ইফতিকাৰ আহমেদ
জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী
অসম চিকিত্সা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তৌফিকুৰ ৰহমান বৰবৰা
No comments