ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩০ নৱেম্বৰ : যোৰহাট নগৰৰ পূব বঙালপুখুৰীৰ পাৰিজাত নগৰত আজি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ফলত জুই জাহ যায় তিনিট...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩০ নৱেম্বৰ : যোৰহাট নগৰৰ পূব বঙালপুখুৰীৰ পাৰিজাত নগৰত আজি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ফলত জুই জাহ যায় তিনিটাকৈ বাসগৃহ, ভস্মীভূত হয় লক্ষাধিক টকাৰ সা -সম্পত্তি । ঘটনাৰ বিৱৰনি অনুসৰি আজি বিয়লি প্ৰায় চাৰি মান বজাত যোৰহাটৰ পূব বঙাল পুখুৰীৰ পাৰিজাত নগৰৰ ৰাজীৱ মজুমদাৰ নামৰ এজন লোকৰ বাহগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ফলত অগ্নিকাণ্ডত ভস্মিভূত হ'ল তিনিটাকৈ বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা- সম্পত্তি। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা ৰাজীৱ মজুমদাৰ নামৰ লোক জনে জনোৱা মতে ঘৰত কোনো নথকা অৱস্থাত তেওঁৰ ঘৰত কেনেবাকৈ অগ্নিকাণ্ড সংঘটিত হৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈ জুয়ে ভয়ানক ৰূপ লৈ মজুমদাৰৰ ঘৰৰ লগতে কাষতে থকা তেওঁৰ ককায়েকৰ ঘৰদুটাও জুইত জাহ যায় । ঘৰৰ সকলো বয় বস্তু জুই জাহ গল বুলি গৃহস্থই উল্লেখ কৰে । ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্হিত হৈ জুই নিয়ন্ত্ৰণ কৰি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যথাসময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱা হলে পৰিস্থিতি আৰু ভয়ংকৰ হল হেতেন বুলি স্থানীয় লোকে উল্লেখ কৰিছে । উল্লেখ্য যে এই অগ্নিকাণ্ডত কোনো লোকৰ হতাহত হোৱা নাই বুলি অগ্নিনিৰ্বাপন বাহিনীৰ লোকে উল্লেখ কৰিছে ।
No comments