ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী ২১ নৱেম্বৰ ঃ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আজি আনুষ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী ২১ নৱেম্বৰ ঃ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই আজি আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ অধ্যক্ষলৈ লিখিত আকাৰত মেইলযোগে পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে দৈমাৰীয়ে। উল্লেখ্য যে বিপিএফৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিশ্বজিৎ দৈমাৰী। কিন্তু ৰহস্যজনকভাৱে যোৱা কেইদিনমান পূৰ্বে বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে বিপিএফ ত্যাগ কৰে। যাৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে দৈমাৰীয়ে। ইপিনে কাইলৈ বিজেপিত সদলবলে যোগদান কৰাৰ কথা ঘোষণা কৰি দৈমাৰীয়ে লগতে কয়- ‘হাজাৰ হাজাৰ বিপিএফ সমৰ্থকে কাইলৈ আমাৰ সৈতে বিজেপিত যোগদান কৰিব।’ তেওঁৰ সৈতে বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব। ইপিনে কাইলৈ বিজেপিত যোগদান কৰিব বাবেই তথা বিপিএফ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ বাবেই আজি ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অব্যাহতি লোৱা বুলি তেওঁ উল্লেখ কৰে। কাইলৈৰ পৰাই বিজেপি দলৰ হৈ কাম কৰি যাব বুলি তেওঁ ঘোষণা কৰে। তদুপৰি আজিয়েই বিপিএফৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বুলি তেওঁ জনায়। তেওঁ আৰু কয়- ‘আমি জনগণৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছো, গতিকে তেনেকুৱা কিছুমান ধাৰা বা পৰিকল্পনা লৈয়ে ৰাজনীতিত কাম কৰি যাব লাগিব। ইপিনে বিপিএফৰ পৰা লাহে লাহে সকলো আঁতৰি আহিব বুলি দাবী কৰি দৈমাৰীয়ে লগতে কয়- ‘কাইলৈ হাজাৰ হাজাৰ বিপিএফ নেতা-কৰ্মী আহিব। বিজেপিৰ ভাল ভাল পৰিকল্পনা বা এজেণ্ডা থাকিলে নিশ্চয়কৈ বিটিচিৰ জনগণ বিজেপিৰ ফালে আহিব। এইকেইদিন বহু বিপিএফৰ লোক বিজেপিৰ মিটিঙলৈ আহিছিল, যেতিয়া হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰিছিল। বিপিএফৰ কেন্দ্ৰীয় কমিটীৰ বিষয়ববীয়াসকলেও বিজেপিত অতিশীঘ্ৰে যোগদান কৰিব বুলি দাবী কৰে দৈমাৰীয়ে। বিপিএফত থাকি দলটোৰ প্ৰতি বিশ্বাস একেবাৰে হেৰুৱাই পেলোৱাৰ বাবেই দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি দৈমাৰীয়ে সদৰী কৰে। ‘সকলো জাতি-জনগোষ্ঠীৰ সমানে উন্নয়ন কৰিবৰ বাবে বিজেপিত যোগদান কৰিছো। দলীয় নেতৃত্বৰ কিছুমান সিদ্ধান্ত আৰু কামৰ লগতহে মোৰ বিৰোধ হৈছিল, সাধাৰণ সমৰ্থক বা কৰ্মীৰ লগত নহয়। সেয়েহে আজি অনুভৱ কৰিছো বিপিএফ দলত থাকি মোৰ কৰিবলগীয়া একো নাই।’
No comments