Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চতুৰ্থবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হ’বলৈ আগবাঢ়িছে নীতিশ কুমাৰ, নীতিশেই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰীঃ বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়

পাটনা, ১১ নৱেম্বৰ ঃ চতুৰ্থবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে নীতীশ কুমাৰ। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নীতীশ কুমাৰেই হ’ব বুলি ঘোষণ...

পাটনা, ১১ নৱেম্বৰ ঃ চতুৰ্থবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে নীতীশ কুমাৰ। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নীতীশ কুমাৰেই হ’ব বুলি ঘোষণা কৰিছে বিজেপিয়ে। নিৰ্বাচনৰ সময়ছোৱাতো নীতীশ কুমাৰকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰি এনডিএ প্ৰতিদ্বন্দ্বিতাত নামিছিল। সেই অনুসৰিয়েই নিৰ্বাচনত এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত পুনৰ এবাৰ বিহাৰত নীতীশ কুমাৰ মুখ্যমন্ত্ৰী হ’বলৈ আগবাঢ়িছে। বিহাৰৰ মুঠ জনসংখ্যাৰ ২ শতাংশ অংশীদাৰিত্ব থকা কুৰ্মী জাতিৰ লোকৰ সৈতে ৰাজনীতি আৰম্ভ কৰা নীতীশ কুমাৰে সৰ্বপ্ৰথমে নালন্দা জিলা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলতেই সীমাবদ্ধ আছিল। 

১৯৯৪ চনত লালুৰ পৰা পৃথক হোৱাৰ পিছত নিজৰ দল গঠন কৰি এতিয়া নীতীশ কুমাৰে চতুৰ্থবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিবলৈ সাজু আছে। যদি নীতীশ কুমাৰে এই কাৰ্যকাল সম্পূৰ্ণ কৰে, তেন্তে বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী এছ কে সিন্‌হাৰ ১৮ বছৰ কাৰ্যকালৰ অভিলেখ ভংগ কৰি সবাতোকৈ অধিক সময়লৈ বিহাৰৰ নেতৃত্ব বহন কৰা প্ৰথমগৰাকী ব্যক্তি অথবা মুখ্যমন্ত্ৰী হ’ব। এইবাৰৰ বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এনডিএয়ে ১২৫খন আসন লাভ কৰিছে।

 বিহাৰত চৰকাৰ গঠন কৰিবলৈ যিকোনো এটা ৰাজনৈতিক দলৰ বাবে প্ৰয়োজন ১২২খন আসনৰ। সেই অনুসৰি এনডিএয়ে চৰকাৰ গঠন কৰিব বিহাৰত আৰু নীতীশ কুমাৰেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়েও প্ৰকাশ কৰিছে যে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নীতীশ কুমাৰেই হ’ব। লগতে অমিত শ্বাহ, জে পি নড্ডায়ো স্পষ্ট কৰিছে যে নীতীশেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

No comments