Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট মালৌপথাৰৰ ঐতিহাসিক বৰভেটিত পৰম্পৰাগত ন-লগোৱা উৎসৱ

ক'ৰোনা প'টকলৰ নিয়ম মানি আনুষ্ঠানিকতা ৰক্ষা উদযাপন সমিতিৰ গণবৰ্তা বিশেষ, যোৰহাট, ২২ নৱেম্বৰ :  যোৰহাট নগৰৰ পৰা প্ৰায় ৮ কি: মি: নিলগ...

ক'ৰোনা প'টকলৰ নিয়ম মানি আনুষ্ঠানিকতা ৰক্ষা উদযাপন সমিতিৰ


গণবৰ্তা বিশেষ, যোৰহাট, ২২ নৱেম্বৰ :  যোৰহাট নগৰৰ পৰা প্ৰায় ৮ কি: মি: নিলগৰ মালৌপথাৰৰ ঐতিহাসিক অষ্টভূজদেৱৰ বৰভেটিত মায়ামৰা সম্প্ৰদায়ৰ ভক্তই সমুহীয়াভাবে আজি ২৫৩ সংখ্যক ন-লগোৱা উৎসৱ পালন কৰে. এইবাৰ মহামাৰি ক'ৰোনাৰ ভয়াবহতাৰ বাবে উদযাপন সমিতিয়ে কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰিছে. ক'ৰোনা পটকলমানি অনুষ্ঠিত কৰা এই ন-লগোৱা উৎসৱত সহস্ৰাধিক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়. পুৱা বন্তি প্ৰজ্বলন,ভাগৱত পাঠৰ পাছতেই ঐতিহাসিক বৰভেটিত দিনজোৰা কাৰ্যসূচীৰে ন-লগোৱা উৎসৱ আৰম্ভ হয়. উল্লেখ্য যে মালৌপথাৰৰ এই ঐতিহাসিক বৰভেটি সমগ্ৰ অসমৰ মায়ামৰা সম্প্ৰদায় তথা সত্র সমাজৰ বাবে এক পবিত্র স্থান. ভাৰতীয় ইতিহাসত শাসকৰ বিৰুদ্ধে শোষিতৰ প্ৰথমটো গণ অভ্যূত্থানৰূপে পৰিগনিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ এক জীৱন্ত সাক্ষী এই বৰভেটি.আহোমৰ ছশবছৰীয়া ৰাজত্ব কালত ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ'ব লাগে বুলি প্ৰচাৰ কৰা বানী অমান্য কৰি মোৱামৰীয়া বা মায়ামৰা বৈষ্ণৱবৃন্দ ফালৰি কাটি আহে. ফলত ৰজাৰ অত্যাচাৰত মায়ামৰা বৈষ্ণৱবৃন্দৰ অৱস্থা অতি শোচনীয় হৈ পৰে. তেতিয়াই শদিয়াৰপৰা ধুবুৰীলৈকে মায়ামৰা বৈষ্ণৱসকলে একতাৰ বান্ধোনেৰে শক্তি প্ৰদৰ্শন কৰিবলৈ সত্রৰ নৱম সত্রাধিকাৰ অষ্টভূজ গুৰু-শিষ্য সমন্বিতে ৮.৯০ লাখ ভক্তই মালৌপথাৰৰ এডোখৰ দ-ঠাইত ১৭৬৮ খ্ৰীষ্টাব্দত বৰভেটি স্থাপন কৰি শক্তিৰ প্ৰমান কৰে. এই বৰভেটিক ধৰ্ম ভেটি হিচাপেও গণ্য কৰা হয়. পৃথিৱীৰ বুৰন্জীত এনে ঐক্য-সংহতিৰ প্ৰতীক অতি বিৰল বুলি কলেও অত্যুক্তি কৰা নহ'ব. জনশ্ৰুতি মতে এই বৰভেটিত লোণ দান কৰিলে মনোকামনা পূৰ্ণ হয়.সেয়ে মায়ামৰা মায়ামৰা সমাজৰ লোকেই নহয়,বৰভেটিলৈ নিতৌ আগমন ঘটে অনান্য সম্প্ৰদায় লোকৰ. সুবিশাল মালৌপথাৰৰ বুকুত থকা এই শ্ৰী শ্ৰী অষ্টভূজদেৱৰ বৰভেটিতে মায়ামৰা সকলে পৰম্পৰাগত ভাবে ২৫২ বছৰে আঘোন মাহৰ প্ৰথম দেওবাৰত উদযাপন কৰি আহিছে ন-লগোৱা উৎসৱ. উল্লেখ্য যে ধান পকিবলৈ আৰম্ভ কৰাৰ লগে লগে এই বৰভেটিত ন-লগোৱা উৎসৱৰ প্ৰস্তুতি চলোৱা হয় যদিও এইবাৰ মহামাৰি ক'ৰোনাৰ বাবে কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰা বুলি প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে|

No comments