Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আছুৰ দুলিয়াজান অধিবেশনত ৰাজীৱ কোঁৱৰৰ গ্ৰন্থ " লিপিবদ্ধ " উন্মোচন

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২২ নবেম্বৰ  : সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশনত সদৌ অসম ভিত্তিত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কবি সন্মিলনত শতাধিক ক...



গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২২ নবেম্বৰ  : সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশনত সদৌ অসম ভিত্তিত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কবি সন্মিলনত শতাধিক কবিয়ে কবিতা পাঠ কৰে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা কবিসকলে কৰা কবিতা পাঠ অনুষ্ঠানে সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে সপ্তদশ অধিবেশনখনিত সোণত সূৱগা চৰায়। ২০ নবেম্বৰ তাৰিখে আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা কবি সন্মিলনত বিশিষ্ট কবি প্ৰেম গগৈ, গংগামোহন মিলি,নীলকান্ত শইকীয়া,ত্ৰিদিপ কুমাৰ বৰগোহাঁই, পবিত্ৰ গগৈ,ৰূদ্ৰ গগৈ,নিমিষা শইকীয়া, ৰশ্মিৰেখা সাউদ কলিতা  , কেশৱ শইকীয়া, প্ৰদীপ গগৈ, ৰাজেন বৰা, যাদৱ গগৈ, যুগল কোঁৱৰ, যোগেশ বিকাশ গগৈ, ড° ৰঞ্জিত দত্ত, হিতেশ গগৈ,হিৰণ্য চেতিয়া,ননী বৰুৱা গগৈ,ৰিজুমণি তামুলি শইকীয়া, মীৰা দত্ত,প্ৰণৱী গগৈ,ৰাণু বৰুৱা গগৈ,ৰতন বৰা, সত্যজিৎ গগৈকে মুখ্য কৰি অসমৰ বিভিন্ন প্ৰন্তৰ এশতকৈয়ো অধিক কবিৰ কবিতা পাঠে অনুষ্ঠান জীপাল কৰি তোলে। উক্ত অনুষ্ঠাতে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ডিব্ৰুগড় জিলা সাহিত্যসভাৰ প্ৰাক্তন সম্পাদক, লেখক ৰাজীৱ কোঁৱৰৰ গদ্য সংকলন "লিপিবদ্ধ" নামৰ গ্ৰন্থখনি  উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰে। 

[  ডিব্ৰুগডৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা।  ]

No comments