গণ বাৰ্তা লেখাপানী, ৫ নৱেম্বৰ : তিনিচুকীয়া জিলা "কোচ ৰাজবংশী সংগ্ৰাম সমিতি", তিনিচুকীয়া জিলা "কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমি...
গণ বাৰ্তা লেখাপানী, ৫ নৱেম্বৰ : তিনিচুকীয়া জিলা "কোচ ৰাজবংশী সংগ্ৰাম সমিতি", তিনিচুকীয়া জিলা "কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতি"ৰ উদ্যোগত আৰু শদিয়া আঞ্চলিক সমিতি তথা শদিয়া আঞ্চলিক মহিলা সংগ্ৰাম সমিতিৰ সহযোগত শদিয়াৰ ইছলামপুৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশাল নাগৰিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক দুলাল চন্দ্ৰ ৰায়, উপ সভাপতি দীপ কুমাৰ ৰায়, বঙাইগাঁও জিলাৰ সম্পাদক ৰাতুল ৰায়,ধুবুৰী জিলাৰ সহ সম্পাদক ৰূপক ৰায়, তিনিচুকীয়া জিলা সমিতি তথা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া তথা মহিলা সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। উক্ত নাগৰিক সভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, কমতাপুৰ উন্নয়ন পৰিষদ আৰু কমতাপুৰ ৰাজ্য পূৰণ গঠন সন্দৰ্ভত বিস্তাৰিত ভাবে আলোচনা কৰা হয় । (লেখাপানীৰ পৰা শৰৎ গগৈ )
No comments