Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত কংগ্ৰেছৰ সাংগঠনিক সভা , বিজেপিৰ দুই সদস্য সহ কুৰি জনৰ কংগ্ৰেছত যোগদান।

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ নৱেম্বৰ :  আগন্তক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে  যোৰহাট জিলা কংগ্...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ নৱেম্বৰ :  আগন্তক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে  যোৰহাট জিলা কংগ্ৰেছ ভৱনত আজি কংগ্ৰেছৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সভাত যোৰহাট নগৰৰ বাঁহবাৰী অঞ্চলৰ বিজেপি দলৰ দুই সক্ৰিয় সদস্যৰ নেতৃত্বত বাঁহবাৰী অঞ্চলৰ কুৰি জনে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা দুই সদস্য হল দীপক মজুমদাৰ আৰু জবা দাস । উল্লেখ্য যে বিগত পৌৰসভাৰ নিৰ্বাচনত জবা দাসে বিজেপি দলৰ হৈ ১৭ নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্বাচন খেলি পৰাজিত হৈছিল । তাৰ পাছতে বিজেপি দলৰ পৰা কোনো যোগাযোগ নকৰাত একাষৰীয়া কৰাত আজি কংগ্ৰেছত যোগদান কৰে বুলি জবা দাসে উল্লেখ কৰে । ইয়াৰ পূবে নগৰ মণ্ডল কংগ্ৰেছৰ সভাপতি দেৱজিত বৰদলৈয়ে সভাপতিত্বত কৰা কংগ্ৰেছৰ সাংগঠনিক সভাখনত উপস্থিত থাকি বিজেপি দলক আক্ৰমণ কৰি সমালোচনা কৰি বক্তব্য প্ৰদান কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে । তেওঁ কয় যে মিছা সপোন দেখুৱাই ফাঁকি কথা কৈ অসমৰ ৰাইজক ঠগ বাজি কৰা বিজেপি দলে বিগত চাৰি বছৰত কিমান জন নিবনুৱাক চাকৰি দিলে । আৰক্ষী বিভাগৰ লগতে কেইবাটাও বিভাগত সাক্ষাৎকাৰ পাতিছিল নহয় , কেইজনক চাকৰি দিলে বুলি তেওঁ প্ৰশ্ন কৰে । লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকো আক্ৰমণ কৰি কয় যে বিগত চাৰি বছৰ নিতাল মাৰি এতিয়া নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে জতে ততে পথৰ আধাৰশিলা স্থাপন কৰি দেখুৱাইছে । বিগত বিজেপিৰ পৌৰসভাত কি হল । পাঁচ বছৰত চাৰি জন পৌৰপতি সলনি কৰিবলগীয়া হল । পৌৰসভা খনকে ভালদৰে চলাব নোৱাৰিলে বুলিও বিজেপি দলক সমালোচনা কৰে । উক্ত সভাত প্ৰাক্তন ৱাৰ্ড কমিছনাৰ জয়ন্ত বৰুৱা, অৰিফা জামানেও দলৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে । সভাত প্ৰাক্তন ৱাৰ্ড কমিছনাৰসকলৰ লগতে বিভিন্ন ৱাৰ্ডৰ বহু সংখ্যক লোক উপস্থিত আছিল ।

No comments