Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাগুনত নথি পত্ৰ বিহীন অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

গণ বার্তা, লেখাপানী, নৱেম্বৰ, ২২ নৱেম্বৰ :  তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিংকু পানী বনাঞ্চলৰ বন...


গণ বার্তা, লেখাপানী, নৱেম্বৰ, ২২ নৱেম্বৰ :  তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিংকু পানী বনাঞ্চলৰ বনজ সম্পদসমূহ বন বিভাগে সুৰক্ষা নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে  । বন বিভাগৰ চৰম অৱহেলাৰ বাবেই অসমৰ বনাঞ্চলৰ মূল্যবান গছসমূহ কাটি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি আহিছে বহু কুণ্ডা ব্যৱসায়ীয়ে । জাগুন টিংকুপানী বনাঞ্চলৰ পৰা সৰবৰাহ হোৱা মূল্যবান কাঠ সমূহ অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ কাঠ ফলা উদ্যোগৰ পৰা পুনৰ অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰে একাংশ কাঠ ব্যৱসায়ীয়ে । তেনেস্থলত  বহুবাৰ অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ হৈছে যদিও নীৰৱ ভূমিকা পালন কৰিছে জাগুন আঞ্চলিক বন বিভাগে । ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ নাকৰ তলেদি সৰবৰাহ হয় দৈনিক পাঁচ ছয়খনকৈ নথিপত্ৰ বিহীন অবৈধ কাঠ ভৰ্তি ট্ৰাক । অৰুণাচল প্ৰদেশৰ নামফাইৰ বিভিন্ন কাঠ ফলা উদ্যোগৰ পৰা কাঠ ভৰ্তি ট্ৰাক নথি পত্ৰ বিহীন ভাৱে সৰবৰাহ হৈ থাকোতেই শনিবাৰে নিশা সাংবাদিকৰ সহযোগত জাতীয় সংগঠনে জব্দ কৰে এখন নথি পত্ৰ বিহীন কাঠ ভৰ্তি ট্ৰাক । জাগুন আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয় পাৰ হৈ আহোতেই নথি পত্ৰ বিহীন কাঠ ভৰ্তি ট্ৰাক খন জব্দ কৰাৰ লগে লগে জাগুন আঞ্চলিক বন বিভাগৰ বিষয়া পদুম বৰপাত্ৰ গোহাঁইক অৱগত কৰাৰ পাছতো জাগুন আঞ্চলিক বন বিভাগৰ কোনো তৎপৰতা দেখা নগল । জাগুন আঞ্চলিক বন বিভাগৰ নাতি  দুৰতেই জব্দ কৰা কাঠভৰ্তি ট্ৰাক খন দুঘণ্টা ধৰি বন বিভাগৰ কোনো লোক উপস্থিত নথকাত  পৰৱৰ্তী সময়ত ডিগবৈ বন সংমণ্ডলৰ বিষয়াক অৱগত পৰাৰ পাছতহে তৎপৰতাৰে আহি বন বিভাগৰ এটা দলে চমজি লয় নথিপত্ৰ বিহীন কাঠভৰ্তি ট্ৰাক খন । পিছে বহু পৰৰ পাছত জাগুন আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ চৌহদত কাঠভৰ্তি ট্ৰাকখন বন বিভাগে নিজৰ জিম্মাত ৰখাৰ পাছত এজন কাঠ বেপাৰীৰ মহৰী আহি শেহতীয়াকৈ কাঠ ভৰ্তি ট্ৰাক খনৰ নথিপত্ৰ বন বিভাগক দাখিল কৰে । জব্দ কৰা প্ৰায় চাৰি ঘণ্টাৰ পাছত নথিপত্ৰ দাখিল কৰাত এক ৰহস্য সোমাই থকাটো নিশ্চিত হৈ পৰিছে স্থানীয় লোকে ভাবিবলৈ বাধ্য হৈছে  ।  এই ক্ষেত্ৰত কাঠ ব্যৱসায়ী সকলৰ লগত জাগুন আঞ্চলিক বন বিভাগ গোপন মিতিৰালী থকাটো নুই কৰিব নোৱাৰি বুলিও অভিযোগ উঠিছে। ঘটনাৰ সন্দৰ্ভত বনৰক্ষী তথা বন বিভাগৰ লোকক সাংবাদিকে সুধা প্ৰশ্নৰ কোনো ধৰণৰ পোনপটীয়া উত্তৰ নিদি বৰঞ্চ বিষয়টোৰ পৰা ফালৰি কাটি আঁতৰি যোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হ'য় ৷ আনহাতে কাঠ বেপাৰীৰ মহৰীয়ে সাংবাদিক আৰু জব্দ কৰা লোকৰ ওপৰত আৰক্ষী থানাত কেচ দাখিল কৰিব বুলি ভাবুকি প্ৰদান কৰা কথাই এটাই কথা পোহৰলৈ আহে যে এই কাঠ বেপাৰীৰ লগত জাগুন আঞ্চলিক বন বিভাগ গোপন মিতিৰালী থকাটো এক প্ৰকাৰে নুই কৰিব নোৱাৰি । ( লেখাপানীৰ পৰা শৰৎ গগৈ  )

No comments