ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৮ নৱেম্বৰ : নতুন প্ৰজন্মৰ হাৰ্টথপ ,শিল্পী জুবিন গাৰ্গৰ ৪৮ তম জন্ম দিনৰ উপলক্ষে যোৰহাটৰ সামাজিক অনুষ্ঠান দা ইভেণ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৮ নৱেম্বৰ : নতুন প্ৰজন্মৰ হাৰ্টথপ ,শিল্পী জুবিন গাৰ্গৰ ৪৮ তম জন্ম দিনৰ উপলক্ষে যোৰহাটৰ সামাজিক অনুষ্ঠান দা ইভেণ্টৰ উদ্যোগত জুবিন গাৰ্গৰ চিত্ৰ অংকন প্ৰতিযোগিতা কাৰ্যসূচী আজি জিলা পুথিভঁৰাল চৌহদত সফল ভাৱে সামৰনি হয়। সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্টৰ উদ্যোগত, সভাপতি সমীৰ ৰয়ৰ পৰিকল্পনাত আয়োজিত অনুষ্ঠানত উপস্থিত বহু সংখ্যক জুবিন প্ৰেমী, ছাত্ৰ ছাত্ৰীৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা, সমাজ সৱিকা বৰ্ণালী শইকীয়া বৰা,সমৰ কলাবিদ বাসৱৰাজ নেওগ,জিলা গ্ৰন্হাগাৰিক সুবোধ চন্দ্ৰ শৰ্মা, বিশিষ্ট অধিবক্তা,সমাজ সেৱক সুদীপ্ত নয়ন গোস্বামী,সমাজ সেৱক, প্ৰজ্ঞা সাৰথিৰ উপদেষ্টা ৰফিক হুছেইন, উদীয়মান ব্যৱসায়ী ৱাকিল আহমেদ, প্ৰজ্ঞা সাৰথিৰ সমন্বয়ক দিগন্ত বৰুৱা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে । প্ৰায় ৫১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা জুবিন গাৰ্গৰ চিত্ৰ অংকন প্ৰতিযোগিতা দ্বিতীয় আৰু চূড়ান্ত পৰ্য্যায়ৰ ফলাফল সমূহ আছিল
ক শাখাত প্ৰথম অবিনাশ শইকীয়া, দ্বিতীয় ইৰফান ফাৰহাদ আহমেদ আৰু অলিম্পিয়া বৰা, তৃতীয় শ্যামলিকা গুনগুন আৰু হেনা কৌচাৰ, চতুৰ্থ আফ্ৰিডি চাজ্জাদ ৰহমান আৰু ঋষিঅন্যা দত্ত।
পঞ্চম সাগৰমনি , ষষ্ঠ তাচৰিন আহমেদ। খ , শাখাত প্ৰথম বিদ্যাশ্ৰী কৈৰী, দ্বিতীয় অৰ্পিতা বৰদলৈ আৰু ৰিজৱানা য়াচমিন, তৃতীয় চেহনাজ বেগম আৰু চাৰিহা অঞ্জুম খান। মনিকুমাৰে সঞ্চালনা কৰা অনুষ্ঠানটিত সহযোগিতা আগবঢ়ালে সামাজিক শৈক্ষিক অনুষ্ঠান প্ৰজ্ঞা সাৰথি,স্বয়ম,ষ্টুডেন্ট হেল্পলাইনে ।বিচাৰকৰ ভূমিকা পালন কৰে আবুল কালামে। ব্যৱস্থাপনা আছিল শচীন বৰা আৰু কাকু বৰদলৈ।
No comments