Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি ৰাজ্যৰ চাহ বাগিচাত ১১৯ খন মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা, শীঘ্ৰেই হ’ব ডিফু মেডিকেল কলেজৰ নামভৰ্তি : শিক্ষামন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ :  ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধি কাইলৈৰ দিনটো চিৰদিনৰ বাবে যুগমীয়া হয়। ৰাজ্যত পোন প্ৰথমবা...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ :  ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধি কাইলৈৰ দিনটো চিৰদিনৰ বাবে যুগমীয়া হয়। ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে চাহ বাগিচাত ১১৯খন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব। ৰাজ্যৰ চাহ বাগিচাসমূহত শৈক্ষিক ব্যৱস্থা উন্নত কৰাৰ বাবে এই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি আজি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব বুলি উল্লেখ কৰাৰ লগতে ছয় জনগোষ্ঠীৰ শিক্ষাৰ ক্ষেত্ৰতো বিশেষ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ক’ভিড পৰিস্থিতিৰ পৰা আৰম্ভ কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰি আজি স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ, শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শীঘ্ৰে ডিফু মেডিকেল কলেজত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা  হ’ব।

 ডিফু মেডিকেল কলেজত ১০০খন আসন থাকিব বুলি তেওঁ প্ৰকাশ কৰে। কেবিনেট সিদ্ধান্ত অনুসৰি নামভৰ্তিৰ ক্ষেত্ৰত জনজাতিকৰণ বিচৰা ৬ জনগোষ্ঠীৰ শৈক্ষিক আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কোচ ৰাজবংশীৰ বাবে  মেডিকেলৰ ৮খন আসন সংৰক্ষণ কৰা হৈছে বুলি তেওঁ কয়।  একেদৰে ৫খন আসন আহোম জনগোষ্ঠীৰ বাবে, ৪খন আসন চুতীয়াৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। অহা ২২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে  ইতিমধ্যে হিতাধিকাৰী চিনাক্তকৰণ হৈ গৈছে। এই ক্ষেত্ৰত  মিছা তথ্যৰে যদি  কোনোবাই নাম অন্তৰ্ভুক্ত কৰে, তেন্তে  তেনে লোকক অপৰাধী হিচাপে গণ্য কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। অৰুণোদয়প্ৰাপ্ত লোকৰ ঘৰৰ সন্মুখত অৰুণোদয়ৰ লগ’ লগোৱা হ’ব।

 ২০ লাখ পৰিয়ালৰ ঘৰৰ ভিতৰত এই লগ’ লগোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিৰ বাবে এতিয়ালৈ ৬৬ণ হিতাধিকাৰীৰ নাম চৰকাৰৰ হাতলৈ আহিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। এইবাৰ অসমত এমবিবিএছৰ আসন ১,০০০খন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে তেওঁ যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল  মাত্ৰ ৩৫০খন আসন। ইপিনে কাইলৈৰ পৰা চাহ বাগিচাত ১১৯ খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিদ্যালয়সমূহৰ  আধাৰশিলা স্থাপন কৰিব। দেওবাৰৰ দিনটো হ’ব ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন। কাইলৈৰ দিনটোতে ৰাজ্যত শুভাৰম্ভ হ’ব চাহ বাগিচা অঞ্চলত প্ৰায় ১০৪খন মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম। 

এই কথা শনিবাৰে সংবাদমেল যোগে জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপলক্ষে কাইলৈৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ চাহ বাগিচাত হাইস্কুল স্থাপনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব উত্তৰ অসমত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে আজি পৰ্যন্ত বাগিচাত নাছিল মাধ্যমিক স্কুল । ফলত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভৰ পৰা বহুখিনি আঁতৰত থাকিবলগীয়া হৈছিল। কিন্তু এতিয়া সলনি হ’ব এই ছবি। কাইলৈৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ’বলগীয়া বিদ্যালয়সমূহত ব’হাগ মাহৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। ইফালে বাগান অঞ্চলত হাইস্কুল স্থাপনৰ সিদ্ধান্তক এক বৈপ্লৱিক পৰিৱৰ্তন বুলি অভিহিত কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

No comments