Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গুৱাহাটীত হ’ব শব্দ বিহীন দিপান্বিতাঃ অসমত সেউজ দীপাৱলী দিশে অসম

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ নৱেম্বৰ ঃ প্ৰতিবছৰে দীপাৱলীৰ নামত আতচবাজী ফুটাই কোটি কোটি টকা শৰাধ কৰা হয় যদিও এইবেলি কিছু পৃথককৈ দীপাৱলী উদ্‌...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ নৱেম্বৰ ঃ প্ৰতিবছৰে দীপাৱলীৰ নামত আতচবাজী ফুটাই কোটি কোটি টকা শৰাধ কৰা হয় যদিও এইবেলি কিছু পৃথককৈ দীপাৱলী উদ্‌যাপন কৰিবলৈ বিচাৰিছে ৰাজ্যবাসীয়ে। এইবেলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক নিৰ্দেশ অনুযায়ী আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যাপক নীতি-নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটীত আতচবাজী বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য ঠাইত মাত্ৰ দুঘণ্টাৰ বাবেহে আতচবাজী ফুটোৱাৰ অনুমতি প্ৰদান কৰিছে। তদুপৰি সেউজ আতচবাজীহে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ বিকট শব্দৰ বোমা আৰু ফটকাৰ পৰিৱৰ্তে ফুলজাৰি, চকৰি, কলগছ ফুলজাৰি ফুটাব পাৰিব ৰাজ্যৰ অন্যান্য ঠাইত। প্ৰতিবছৰে দীপান্বিতাৰ নামত ওৰে নিশা আতচবাজী ফুটোৱাই শব্দ আৰু বায়ু প্ৰদূষণ ঘটোৱা পৰিলক্ষিত হয় যদিও এইবেলি প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছত শব্দৰ নহয়, পোহৰৰ উৎসৱ দীপাৱলী উদ্‌যাপন কৰাৰ বাবে ৰাজ্যবাসী আগবাঢ়িছে। 

লক্ষণীয় যে ক’ভিড মহামাৰীৰ লকডাউনৰ পিছত ৰাজ্যৰ অধিকাংশ ব্যক্তিৰে সেউজ দীপাৱলী উদ্‌যাপন কৰাৰ ক্ষেত্ৰত সহমত প্ৰদান কৰা পৰিলক্ষিত হৈছিল। তেনেস্থলত সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুযায়ী ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যবাসীয়ে। শব্দৰ পৰিৱৰ্তে পোহৰেৰে এন্ধাৰক দূৰ কৰাৰ বাবে এতিয়া সাজু হৈ উঠিছে ৰাজ্যবাসী। আতচবাজীৰ উপৰি এইবেলি দীপাৱলীত থলুৱা মৃৎশিল্পীৰ চাকিৰ প্ৰতি বৃহৎ আকৰ্ষণ পৰিলক্ষিত হৈছে। ৰাজ্যত অইন বেলি চীনাৰ ৰংচঙীয়া লাইটে ৰাজ্যৰ বজাৰত আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু এইবেলি চীন আৰু ভাৰতৰ মাজত লাডাখৰ গালৱানত হোৱা সংঘৰ্ষৰ পিছতে চীনা বস্তু বৰ্জনৰ যি পৰম্পৰা আৰম্ভ হৈছে তাৰ প্ৰতি এক অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে ৰাজ্যৰ বজাৰত। উল্লেখ্য যে ফাঁচী বজাৰত দীপাৱলীৰ সময়ত চীনা সামগ্ৰীৰে ভৰি পৰে কিন্তু এইবেলি চীনা সামগ্ৰীৰ পৰিৱৰ্তে দেশীয় ৰংচঙীয়া লাইটেৰে দীপাৱলী উদ্‌যাপন কৰিবলৈ আগবাঢ়িব ৰাজ্যবাসীয়ে। 

ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে জানিবলৈ দিয়া অনুসৰি এইবেলি চীনা সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰীক ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে অগ্ৰাধিকাৰ দিছে। কোনো কাৰণতে চীনা সামগ্ৰীৰ যাতে বিক্ৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰী বিভিন্ন লাইট-চাকি আদি মজুত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহবান জনোৱাৰ দৰেই ভাৰতীয় সামগ্ৰীৰ বাবে গ্ৰাহকসকলৰ আগ্ৰহত যথেষ্টখিনি বৃদ্ধি পাইছে বুলি ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে জানিবলৈ দিয়ে। ইপিনে দীপাৱলীক প্ৰাকৃতিকভাৱে উদ্‌যাপন কৰিবলৈ মাটিৰ চাকি বিশেষ আগ্ৰহ দেখুৱাইছে ৰাজ্যবাসীয়ে। গণেশগুৰি বজাৰত আজি মাটিৰ চাকিৰ বৃহৎ চাহিদা পৰিলক্ষিত হয়। ৫ টকাৰ পৰা আৰম্ভ কৰি ৪০ টকালৈ বিক্ৰী হয় মাটিৰ চাকি। ৰংচঙীয়া লাইটৰ বিপৰীতে মাটিৰ চাকিত সৰিয়হ তেলেৰে দীপাৱলী উদ্‌যাপন কৰি প্ৰাকৃতিক ভাৰসাম্য যাতে বিনষ্ট নহয় তথা পৰিৱেশ যাতে প্ৰদূষণ নহয় তাৰ বাবে সকলোৱে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে। একপ্ৰকাৰে সেউজ দীপাৱলী উদ্‌যাপন কৰাৰ বাবে ৰাজ্যবাসী অগ্ৰসৰ হৈছে।

No comments