ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১৫ : যোৰহাট পৌৰসভাৰ কার্যলয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন সভাত পৌৰ চতুৰ্দশ বিত্তীয় আয়োগ আৰু ৰাজ্...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১৫ : যোৰহাট পৌৰসভাৰ কার্যলয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন সভাত পৌৰ চতুৰ্দশ বিত্তীয় আয়োগ আৰু ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন ( এছ অ পি ডি ) আঁচনিৰ অধীনত ৰূপায়িত হব লগা উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰে যোৰহাট সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।উক্ত কাৰ্য্যসূচীত গোস্বামীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। যোৰহাট পৌৰ এলেকাত নিৰ্মান হব লগা ৯৭ টা পথৰ কাম আৰম্ভ হোৱা আৰু হব লগা আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে অহা ডিচেম্বৰৰ ভিতৰত সকলো কাম সম্পূৰ্ন হব । উক্ত সভাত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাস, বিজেপিৰ জিলা সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ , দীপক গোস্বামী, প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা, অৰুনা দত্ত , পৱন বৰদলৈ , কাৰ্যবাহী বিশ্বজিত ফুকনকে আদি কৰি প্ৰাক্তন পৌৰসদস্য সকলৰ লগতে যোৰহাটৰ কেইবাগৰাকী গণ্য মান্য লোকে অংশগ্ৰহণ কৰে ।
No comments